ETV Bharat / state

বিলাসীপাৰাত ''দৰিদ্ৰ সহায়ৰ এখোজ গ্ৰুপ''ৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : May 12, 2021, 4:04 PM IST

পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে বিলাসীপাৰাৰ দৰিদ্ৰ সহায়ৰ এখোজ গ্ৰুপ নামৰ এটা এনজিঅ'ৰ বস্ত্ৰ বিতৰণ ৷ 3 বছৰ পূৰ্বে বিলাসীপাৰাৰ দুৰ্গম চৰ অঞ্চলৰ কেইজনমান যুৱকে গঠন কৰা বেচৰকাৰী সংস্থাটোৰ সদস্যসকলে গাঁঠিৰ ধন এক গোট কৰি দৰিদ্ৰসকলক সহায় কৰি আহিছে ৷

doridra-sahai-akhoj-group-helps-poor-in-bilasipara
বিলাসীপাৰাৰ ''দৰিদ্ৰ সহায়ৰ এখোজ গ্ৰুপ''ৰ কৰ্মকৰ্তা সকলৰ প্ৰশংসনীয় পদক্ষেপ

পশ্চিম বিলাসীপাৰা,12 মে': কৰ’ণাৰ প্ৰভাৱে দৰিদ্ৰ লোকসকলক সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছে ৷ তেনে সময়তে বিলাসীপাৰাৰ দৰিদ্ৰ সহায়ৰ এখোজ গ্ৰুপ নামৰ এটা বেচৰকাৰী সংস্থাৰ প্ৰশংসনীয় কাৰ্যক সকলোৱে শলাগ লৈছে ৷ 3 বছৰ পূৰ্বে বিলাসীপাৰাৰ চৰ অঞ্চলৰ কেইজনমান যুৱকে লগলাগি এই সংস্থাটোৰ জন্ম দিছিল ৷ তেতিয়াৰে পৰা গ্ৰুপটোৰ কৰ্মকৰ্তাসকলে অঞ্চলটোৰ দুখীয়া মানুহক সহায় কৰি আহিছে ।

বিলাসীপাৰাত ''দৰিদ্ৰ সহায়ৰ এখোজ গ্ৰুপ''ৰ প্ৰশংসনীয় পদক্ষেপ

উল্লেখ্য যে, যুৱক কেইজনে লগলাগি গাঁঠিৰ ধন এক গোট কৰি দুখীয়া মানুহক সহায়-সহযোগিতা আগবঢ়াই আহিছে । বুধবাৰে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত মাণিক বজাৰত পবিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে সংস্থাটোৱে দুখীয়া মানুহৰ মাজত বস্ত্ৰ বিতৰণ কৰে ।

লগতে পঢ়ক : হোমেন বৰগোহাঞি জাতীয় জীৱনৰ পিতৃস্বৰূপ আছিল : ড৹ অনিল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.