ETV Bharat / state

চৰকাৰী বিদ্যালয়ত নিশা লৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

author img

By

Published : Aug 16, 2020, 5:28 AM IST

১৮৯১ নং আনন্দ নগৰ প্ৰাথমিক বিদ্যালয়ত নিশা লৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা ৷ পিচত ঘটনাৰ বিষয়ে জানিব পাৰি বিদ্যালয় খনত উপস্থিত হয় বিলাসীপাৰা প্ৰাথমিক খণ্ড শিক্ষা বিষয়া মনোজ ফুনক আৰু স্থানীয় আৰক্ষীৰ দল ৷

dishonored to national flag
dishonored to national flag

পশ্চিম বিলাসীপাৰা, 15 আগষ্ট : শনিবাৰে দেশ তথা ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো উদযাপন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে উত্তোলন কৰা হয় দেশৰ সন্মানৰ প্ৰতীক জাতীয় পতাকা ৷ পুৱা নিৰ্দিষ্ট সময়ত উত্তোলন কৰা জাতীয় পতাকা সূৰ্যোদয়ৰ পূৰ্বেই নমাই থোৱাটো নিয়ম ৷ কিন্তু বিলাসীপাৰাৰ এখন বিদ্যালয়ত নিশা লৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা ৷
১৮৯১ নং আনন্দ নগৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷ বিদ্যালয় কৰ্তৃপক্ষই পুৱা ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিয়েই নিজৰ দায়িত্ব সামৰে ৷ কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয় খনৰ এনে কৰ্ম কাণ্ডই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ পিচত ঘটনাৰ বিষয়ে জানিব পাৰি বিদ্যালয় খনত উপস্থিত হয় বিলাসীপাৰা প্ৰাথমিক খণ্ড শিক্ষা বিষয়া মনোজ ফুনক আৰু স্থানীয় আৰক্ষীৰ দল ৷

বিলাসীপাৰাৰ এখন বিদ্যালয়ত নিশা লৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা
পৰৱৰ্তী সময়ত নিশা প্ৰায় ৮ শিক্ষা বিষয়া গৰাকীয়ে পতাকা খন অবনমন কৰে ৷ ঘটনা সন্দৰ্ভত শিক্ষা বিষয়া গৰাকীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানত জাতীয় পতাকা উত্তোলনক লৈ বিসংগতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : একেটা ভেটিতে জাতীয় পতাকাৰ সৈতে উৰিল বিজেপিৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.