ETV Bharat / state

টকা নিদিলে কাম নোহাৱা ধুবুৰীৰ এটা চৰকাৰী কাৰ্যালয়

author img

By

Published : Aug 25, 2020, 10:27 PM IST

Dhubri revenue office scam
টকা নিদিলে কান নোহাৱা ধুবুৰীৰ এটা চৰকাৰী কাৰ্যালয়

ধুবুৰীৰ এটা চৰকাৰী কাৰ্যালয়। যিটো কাৰ্যালয়ত টকা নিদিলে কোনো কামেই নহয়। এখন চাৰ্টিফিকেটৰ বাবে লাগে ৫০০ টকা। এই কথা নিজ মুখে ব্যক্ত কৰিছে একাংশ ভুক্তভোগীয়ে।

ধুবুৰী, 25 আগষ্টঃ ধুবুৰীৰ এটা চৰকাৰী কাৰ্যালয় ৷ যিটো কাৰ্যালয়ত টকা নিদিলে কোনো কামেই নহয় ৷ একাংশ ভুক্তভোগীয়ে নিজ মুখে ব্যক্ত কৰিছে এই কথা ৷ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো সম্প্ৰতি এখন বজাৰত পৰিণত হৈছে ৷ চাকৰিকে ধৰি বিভিন্ন কামৰ বাবে প্ৰয়োজনীয় প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে আবেদন কৰিবলগীয়া হয় কাৰ্যালয়ত ৷ কিন্তু প্ৰমাণপত্ৰ লাভ কৰিবলৈ ধন নিদিলে মাহৰ পিছত মাহ ঘুৰিবলগীয়া হয় আবেদনকাৰীসকলে ৷

আবেদনকাৰীয়ে ৰেকৰ্ড কৰা ভিডিঅ’

উল্লেখ্য যে, বিগত মাৰ্চ মাহত ধুবুৰীৰ এজন নিবনুৱা যুবকে ‘উইকাৰ ইক'নমিকেল চেকচন’ৰ এখন ইনকাম চাৰ্টিফিকেটৰ বাবে আবেদন কৰিছিল ৷ আবেদনখন গ্ৰহণ কৰিছিল কাৰ্যালয়টোৰ হাফেজ উদ্দিন শেখ নামৰ মণ্ডলজনে । কিন্তু প্ৰমাণ পত্ৰখন প্ৰদানৰ নামত মণ্ডজনে যুৱকজনৰ পৰা লয় 500 টকা ৷ এই সমগ্ৰ লেনদেনৰ ঘটনা নিজৰ ফোনৰ ৰেকৰ্ড কৰি ৰাখে ভূক্তভোগী যুৱকজনে ৷ অকল যুৱজনেই নহয় প্ৰমাণ পত্ৰৰ বাবে কাৰ্যালয়টোত আবেদন জনোৱা আন এগৰাকী যুৱতীয়েও একে অভিযোগ উত্থাপিত কৰিছে ৷

টকা নিদিলে কান নোহাৱা ধুবুৰীৰ এখন চৰকাৰী কাৰ্যালয়

আনহাতে, ঘটনা সন্দৰ্ভত মণ্ডলগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত এই সকলো কথা অস্বীকাৰ কৰে হাফেজ উদ্দিন শেখে ৷ এই সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰিছে ধুবুৰী ৰাজহ চক্ৰ বিষয়া জয় শংকৰ শৰ্মাই ৷ এখনকৈ প্ৰমাণপত্ৰ বাবদ নিবনুৱা যুৱক-যুৱতীসকলৰ পৰা শ শ টকা আত্মসাৎ কৰা এইগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় লগতে এই ছিণ্ডিকেটৰ সৈতে আৰু কোন জড়িত হৈ আছে সেইয়া তদন্তৰ অন্ততহে পোহৰলৈ আহিব ৷

টকা নিদিলে কান নোহাৱা ধুবুৰীৰ এখন চৰকাৰী কাৰ্যালয়

লগতে পঢ়ক-প্ৰতিবাদত কপি উঠিল প্ৰাগ ব’চিমি ছিন্থেটিক লিমিটেড চৌহদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.