ETV Bharat / state

ধুবুৰীত কৰ'ণাত আক্ৰান্তৰ সংখ্য ১,০২৯ জনলৈ বৃদ্ধি

author img

By

Published : May 10, 2021, 11:17 AM IST

ধুবুৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে দৈনিক ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা । জিলাখনত এতিয়ালৈকে ১০২৯ জন লোক মহামাৰীৰ কবলত পৰিছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে জিলাখনৰ ৯ জন লোকে ।

Dhubri covid report update
ধুবুৰীত ক'ভিড মহামাৰীয়ে প্ৰাণ কাঢ়িলে ৯ জনৰ

ধুবুৰী, ১০ মে': ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে অহৰহ প্ৰয়াস অব্যাহত থকা স্বত্বেও ৰাজ্যত বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা । আন আন জিলাৰ সমান্তৰালকৈ ধুবুৰীতো বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা ।

জিলাখনত নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে ৪৭ জন লোক । বৰ্তমানলৈকে জিলাখনৰ ১০২৯ জন লোক মহামাৰীৰ কবলত পৰিছে । ইফালে, ২৪৯ জন ৰোগী সুস্থ হৈ উঠিছে । একে সময়তে, মহামাৰীত আক্ৰান্ত হৈ ৯ জন ৰোগীৰ মৃত্যু হৈছে ।

বৰ্তমান জিলাখনত মুঠ ৭৭১ জন সক্ৰিয় ৰোগী আছে । জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে । উল্লেখ্য যে, ধুবুৰীত দিনক দিনে দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে ।


লগতে পঢ়ক:নৱ নিৰ্বাচিত মুখ্য়মন্ত্ৰীক লৈ কি ক’লে ডিব্ৰুগড়বাসীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.