ETV Bharat / state

ধুবুৰীত নগদ ৯ লাখ ৫০ হাজাৰ টকা জব্দ

author img

By

Published : Mar 11, 2021, 5:55 PM IST

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত অধিক তৎপৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন । বৃহস্পতিবাৰে ষ্টেটিক ছাৰ্ভিলেঞ্চ টীমৰ অভিযানত জব্দ ৯ লাখ ৫০ হাজাৰ টকা । সুজন পাল নামৰ এজন লোকৰ পৰা ধনখিনি জব্দ কৰা হয় ।

ধুবুৰীত ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ অভিযানত জব্দ ৯ লাখ ৫০ হাজাৰ টকা
ধুবুৰীত ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ অভিযানত জব্দ ৯ লাখ ৫০ হাজাৰ টকা

ধুবুৰী,১১ মাৰ্চ: এফালে ৰাজ্যত নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশাসন সষ্টম হৈ পৰিছে, আনফালে নিতৌ ৰাজ্যৰ ভিন্ন প্ৰান্তত উলংঘা কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি । বৃহস্পতিবাৰে ধুবুৰীৰ গৌৰীপুৰ সংযোগী গুৰু টেগ বাহাদুৰ পথৰ মদৰগোলা অঞ্চলত জব্দ হ'ল নগদ ৯ লাখ ৫০ হাজাৰ টকা ।

ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাসৰ নেতৃত্বত ষ্টেটিক ছাৰ্ভিলেঞ্চ টীমে অভিযান চলাই এই ধনখিনি জব্দ কৰে । এখন অট’ৰিক্সাৰে অহা সুজন পাল নামৰ এজন যাত্ৰীৰ পৰা এই ধনৰাশি জব্দ কৰা হয় । গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল অট’ৰিক্সাখন । সুজন পালৰ ঘৰ পশ্চিমবংগৰ কোচবিহাৰৰ কালজানি গাঁৱত ।

ব্যক্তিজনে ধনখিনি এখন বেগত ভৰাই লৈ আনিছিল । জব্দ কৃত ধন সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই লোকজনে । উপযুক্ত নথি যোগান ধৰিব নোৱাৰাৰ বাবে ধনখিনি ধুবুৰীৰ জিলা কোষাগাৰত জমা দিয়া হৈছে বুলি জনাইছে ষ্টেটিক ছাৰ্ভিলেঞ্চ টীমে ।

লগতে পঢ়ক: মাংগালুৰু বিমানবন্দৰত সোণসহ মহিলা গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.