ETV Bharat / state

Assam Police Firing : ধুবুৰীত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা; আটক 5 গো-সৰবৰাহকাৰী

author img

By

Published : May 27, 2022, 10:16 AM IST

ধুবুৰীত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা; আটক 5 গো সৰবৰাহকাৰী
ধুবুৰীত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা; আটক 5 গো সৰবৰাহকাৰী

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Dhubri)। বুধবাৰে নিশা ধুবুৰীৰ ছাগলচৰা অঞ্চলত ধুবুৰী বি এন কলেজ ৰোড আৰক্ষীয়ে চলাই এক অভিযান । এই অভিযানত চোৰাং গো সৰবৰাহকাৰী লৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা । আৰক্ষীৰ এই অভিযানত আটক হয় পাঁচ চোৰাং গৰু সৰবৰাহকাৰী ৷ পলাতক আন তিনিজন ৷

ধুবুৰী, 27 মে’ : আকৌ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক ৷ এইবাৰ অসম আৰক্ষীৰ গুলী ফুটিল ধুবুৰীত (Assam Police Firing in Dhubri) ৷ গৰুৰ চোৰাং সৰবৰাহকাৰীলৈ উদ্দেশ্যি ধুবুৰী আৰক্ষীয়ে শূণ্যলৈ কৰে গুলীচালনা ৷

ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া ভাস্কৰজ্যোতি নাথে উল্লেখ কৰা অনুসৰি, বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতিৰ ফলত উন্মুক্ত হৈ আছে সীমান্তৰ কিছু অঞ্চল ৷ যাৰ সুযোগ গ্ৰহণ কৰিছে গৰুৰ একাংশ চোৰাং সৰবৰাহকাৰীয়ে ৷ প্ৰতিদিনাই ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে পশুধন (Cattle smuggling in Dhubri) ৷

এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ আৰক্ষীয়ে লাভ কৰিছিল এই তথ্য ৷ এই তথ্যৰ আধাৰতে বধুবাৰে নিশা ধুবুৰী আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানৰ সময়তে 5 চোৰাং সৰবৰাহকাৰীক ৰোধিবলৈ শূণ্যলৈ তিনি ৰাউণ্ড গুলীচালনা কৰে ৷ ফলত আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় দুজন অভিযুক্তক ৷ আনহাতে, আৰক্ষীৰ চকুত ধূলি দি আন তিনি অভিযুক্ত পলাই যাবলৈ সক্ষম হয় ৷

ধুবুৰীত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা; আটক 5 গো সৰবৰাহকাৰী

লগতে আৰক্ষীয়ে আটকাধীন গৰুৰ চোৰাং সৰবৰাহকাৰীৰ কেইটাৰ পৰা জব্দ কৰে চোৰাংভাৱে সৰবৰাহ কৰিবলৈ লোৱা কেইবাটাও গৰু (Cattle seized in Dhubri)৷ তাৰ পাচত আটকাধীন দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে ধুবুৰীৰ ঝগৰাৰপাৰ ভেটা বজাৰ অঞ্চলৰ পৰা আন তিনি যুৱককক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, অভিযুক্ত কেইজনৰ বিৰুদ্ধে 284/22 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰিছে ৷ বৰ্তমানলৈকে আৰক্ষীৰ জালত পৰা লোককেইজন হৈছে সোণাউল্লাহ, ময়নাল হক, জয়নাল আবেদিন, ছাইদুৰ ৰহমান আৰু ছামিউল হক আনছাৰী বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Assam Police Firing: কোকৰাঝাৰত আৰক্ষীৰ গুলী আহত আফুৰুদ্দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.