ETV Bharat / state

ৰাজ্যত সক্ৰিয় গৰু চিণ্ডিকেট চক্ৰ

author img

By

Published : Jul 13, 2020, 9:59 PM IST

ধুবুৰীত BSF ৰ অভিযানত শ-শ চোৰাং গৰু জব্দ ৷ সম্প্ৰতি বানৰ সুযোগ লৈ উন্মুক্ত নদী সীমান্তৰে দিনে নিশাই ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশ লৈ গৰু সৰবৰাহ ৷ ধুবুৰী জিলাত সম্প্ৰতি গঢ়ি উঠিছে চোৰাং গৰুৰ বৃহৎ চিণ্ডিকেট ৷

ধুবুৰীত গৰুৰ বৃহৎ ছিণ্ডিকেট
ধুবুৰীত গৰুৰ বৃহৎ ছিণ্ডিকেট

ধুবুৰী, 13 জুলাই: লক ডাউনৰ সময়তো বাংলাদেশলৈ চালান শ-শ চোৰাং গৰু ৷ সম্প্ৰতি বানৰ সুযোগ লৈ উন্মুক্ত নদী সীমান্তৰে দিনে নিশাই ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশ লৈ চালান চোৰাং গৰু । বিগত কেইটা দিনত বিএছএফৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং গৰু ধৰা পৰাত পুনৰ পোহৰলৈ আহিছে চোৰাং গৰু সৰবৰাহকাৰীৰ ঘটনাৰ ৷ ধুবুৰী জিলাত গঢ়ি উঠিছে চোৰাং গৰুৰ বৃহৎ চিণ্ডিকেট ৷ বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে চোৰাং ভাৱে অসম বংগ সীমান্তৰ ছাগলীয়াৰে ধুবুৰী জিলাত প্ৰৱেশ কৰি জিলা খনৰ বিভিন্ন অঞ্চলে দি যন্ত্ৰ চালিত নাৱেৰে সীমান্ত অঞ্চললৈ নিয়া হয় চোৰাং গৰু সমূহ । পাচত সুযোগ বুজি উন্মুক্ত নদী সীমান্তৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হয় শ-শ গৰু ।

ধুবুৰী জিলাত গৰুৰ বৃহৎ চিণ্ডিকেট

কিন্তু এই ক্ষেত্ৰত ধুবুৰী জিলা আৰক্ষী অধীক্ষক যুৱৰাজৰ ৰহস্যজনক ভূমিকালৈ সততে অভিযোগ উঠি আহিছে । চৰকাৰে বিভিন্ন সময়ত গৰুৰ চিণ্ডিকেট আৰু চোৰাং কাৰবাৰ বন্ধ কৰা হ’ব বুলি ফুলঝাৰী মাৰি আহিছে যদিও বাস্তৱত সেইয়া কাৰ্যকৰী হৈ উঠা নাই । কাৰণ ধুবুৰীৰ Water Wing BSF ছাউনীত জব্দকৃত শ শ গৰু বিশাল গো ছিণ্ডিকেটৰ এক জ্বলন্ত উদাহৰণ ।

ধুবুৰীত গৰুৰ বৃহৎ চিণ্ডিকেট
ধুবুৰীত গৰুৰ বৃহৎ চিণ্ডিকেট

যোৱা কেইটাদিনত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ ভিন্ন অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে শ শ গৰু । চকিৰ চৰ BOP জব্দ কৰা গৰু সমূহ জমা কৰি ৰখাৰ পিছত ছয় খনকৈ নাৱত প্ৰায় তিনি শতাধিক গৰু লৈ অনা হয় বিএছএফৰ Water Wingৰ ধুবুৰীস্থিত ছাউনীত । পিছত গৰু সমূহ 10 খনকৈ ট্ৰাকেৰে ৰাজ্যৰ বিভিন্ন গো শালা লৈ নিয়াৰ ব্যৱস্থা কৰে বি এছ এফে ।

ৰাজ্যত সক্ৰিয় গৰুৰ চিণ্ডিকেট চক্ৰ
ৰাজ্যত সক্ৰিয় গৰুৰ চিণ্ডিকেট চক্ৰ

ইপিনে গো মাতাক ৰক্ষা কৰিব লাগিব আৰু এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰে । অৱশ্যে এইয়া কিমান দূৰ ফলপ্ৰসূ হৈ উঠিব সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে চাওক-জোনাইত অপৰিৱৰ্তিত চিয়াং নদীৰ বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.