ETV Bharat / state

ছাগলীয়াত চোৰাং গৰুসহ আটক চাৰিজন লোক

author img

By

Published : Apr 17, 2021, 8:02 PM IST

শনিবাৰে পুৱা ধুবুৰীৰ ছাগলীয়া আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰে । ট্ৰাকখনৰ পৰা ১৩ টা উন্নত প্ৰজাতিৰ গৰু আৰু ৬ টা পোৱালী উদ্ধাৰ কৰে । আৰক্ষীৰ তালাচীত জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ ইউপি ৭৮ বিটি ৫৩৫১ ।

ছাগলীয়াত চোৰাং গৰুসহ আটক চাৰিজন লোক
ছাগলীয়াত চোৰাং গৰুসহ আটক চাৰিজন লোক

গোলকগঞ্জ,১৭ এপ্ৰিল: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা । শনিবাৰে পুৱা ধুবুৰীৰ ছাগলীয়া আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰে । ট্ৰাকখনৰ পৰা ১৩ টা উন্নত প্ৰজাতিৰ গৰু আৰু ৬ টা পোৱালী উদ্ধাৰ কৰে । আৰক্ষীৰ তালাচীত জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ ইউপি ৭৮ বিটি ৫৩৫১ ।

ছাগলীয়াত চোৰাং গৰুসহ আটক চাৰিজন লোক
ছাগলীয়াত চোৰাং গৰুসহ আটক চাৰিজন লোক

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ বালিয়াৰ পৰা গুৱাহাটীৰ নাৰেংগী অভিমুখে লৈ যোৱা হৈছিল গৰুবোৰ । ট্ৰাকখনে ২০১৭ চনৰ এখন নথিৰে ইমান দিনে গৰু কঢ়িয়াই আছিল । গৰুৰ গৰাকী বশিষ্ঠ প্ৰসাদ, চালক মুন্না খাৰৱাৰ, সহযোগী ব্ৰীজলাল ৰাম আৰু কানহাইয়া যাদবক আৰক্ষীয়ে আটক কৰে ।

লগতে পঢ়ক: অসম সৰ্বশিক্ষা অভিযানত ২০০ কোটি টকাৰ কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.