ETV Bharat / state

Brokery in government office:ধুবুৰী জিলা খাদ্য আৰু যোগান বিভাগৰ কাৰ্যালয়ত দালালৰাজ

author img

By

Published : Jul 25, 2023, 7:05 PM IST

Dhubri district food and supplies department office
দালালৰ দপদপনি

ধুবুৰী জিলা খাদ্য আৰু যোগান বিভাগৰ কাৰ্যালয়ত দালালৰাজ । একাংশ দালাল শ্ৰেণীৰ লোকৰ হাত চৰকাৰী কাৰ্যালয়ৰ নথিপত্ৰত ।

দালালৰ দপদপনি

ধুবুৰী, 25 জুলাই : ধুবুৰী যোগান বিভাগত দালালৰ দপদপনি । একাংশ দালাল শ্ৰেণীৰ লোকে নিয়ন্ত্ৰণ কৰে ধুবুৰী যোগান বিভাগ বিভিন্ন কাম-কাজ । কাৰ্যালয়ত কৰ্মচাৰীৰ সলনি কাম কৰে দালালে । কেমেৰাত বন্দী হ’ল চাঞ্চল্যকৰ দৃশ্য ।

জিলাখনত নতুনকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ পৰা দালাল শ্ৰেণীৰ জৰিয়তে ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে । কেমেৰাত বন্দী হোৱা দৃশ্যত এজন লোকে কিছু গুৰুত্বপূৰ্ণ নথি-পত্ৰবোৰ ইফাল সিফাল কৰি থকা দেখিবলৈ পোৱা গৈছে । এওঁ নিশ্চয় কাৰোবাৰ অনুমতি সাপেক্ষেহে কাৰ্যালয়ৰ এই গুৰুত্বপূৰ্ণ নথিপত্ৰবোৰ ইফাল সিফাল কৰিছে । পিছে এই লোকজনে উল্লেখ কৰা মতে, কোনোবা এজন দালাল শ্ৰেণীৰ লোকৰ নিৰ্দেশ মতেই হেনো ৰেচন কাৰ্ডৰ এই গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ ইফাল সিফাল কৰিছে তেওঁ ৷

দৰাচলতে, ধুবুৰী জিলাখনত নতুনকৈ ১ লাখ ৫৮ হেজাৰ ৭৩০ গৰাকী লোকৰ নাম অন্তৰ্ভূক্ত হ’ব এইবাৰ ৰেচন কাৰ্ডত । পূৰ্বৰ ১০ লাখ ৯৫ হেজাৰ ০৬ জন লোকৰ নামত আছে ৰেচন কাৰ্ড । ইয়াকে লৈ ধুবুৰী জিলা খাদ্য আৰু যোগান বিভাগৰ কাৰ্যালয়ত চলিছে যুদ্ধকালীন তৎপৰতা । কাম কাজৰ সমানে সমানে চলিছে দালালৰো তৎপৰতা । অভিযোগ অনুসৰি বিভাগটোৰ চাৰিগৰাকী পৰিদৰ্শকৰ বদলিৰ নিৰ্দেশ অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে দালাল চক্ৰৰ ।

বিভাগটোৰ একাংশ বিষয়াৰ সৈতে মিলি দালাল চক্ৰই জিলাখনত নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভূক্ত কৰাৰ নামত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে এটা সূত্ৰই । অৱশ্যে ধুবুৰীৰ যোগান বিভাগত একাংশ বাহিৰা লোকে কাম কৰাৰ কথা মানি লোৱাৰ বিপৰীতে নতুনকৈ হ’বলগীয়া ৰেচন কাৰ্ডত নাম অন্তৰ্ভূক্তৰ বাবে ধন সংগ্ৰহ কৰাৰ অভিযোগৰ বিষয়ে অৱগত নহয় বুলি সাংবাদিকসকলক জানিবলৈ দিয়ে ধুবুৰীৰ যোগান বিভাগৰ বিষয়া লীলাধৰ চক্ৰৱৰ্তীয়ে ।

লগতে পঢ়ক : Mid day meal workers protest :মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদত উত্তাল ধুবুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.