ETV Bharat / state

Mid day meal workers protest :মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদত উত্তাল ধুবুৰী

author img

By

Published : Jul 19, 2023, 8:14 PM IST

mid day meal workers protest
মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

ধুবুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ । কেইবাটাও দাবীৰ ভিত্তিত ধুবুৰী চহৰত প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্লোগানেৰে উত্তাল কৰে জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই ।

মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

ধুবুৰী, ১৯ জুলাই :ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ উদ্যোগত ধুবুৰীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। CITU ৰ সহযোগত জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই ধুবুৰী ৰে'লৱে ষ্টেচনৰ পৰা প্ৰতিবাদী ৰেলী উলিয়ায় । বিভিন্ন বিদ্যালয়ত ৰন্ধনকাৰ্যত নিয়োজিত মহিলা সকলে হাতে হাতে বেনাৰ-প্লে কাৰ্ড লৈ "অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্ৰী হায় হায়" আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপাই তোলে ধুবুৰী চহৰ ।

শতাধিক মহিলাই অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদলটো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ সন্মুখত সমবেত হয় । পিছত জিলা আয়ুক্তৰ জৰিয়তে পাঁচ দফীয়া দাবীৰ ভিত্তিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই । উল্লেখ্য যে মাহিলী দৰমহা ১৫০০ টকাৰ পৰা ১০ হাজাৰ টকালৈকে বৃদ্ধি কৰাকে ধৰি একাধিক দাবীৰ ভিত্তিত ৰন্ধনকৰ্মী সকলে দীর্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে আজিলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই । চৰকাৰে দাবী পূৰণ নকৰিলে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে ৰন্ধনকৰ্মচাৰী সন্থাই ।

লগতে পঢ়ক:FIR against Assam CM: ৰঙিয়া আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাইজৰ দলৰ উপ সভাপতিৰ

উল্লেখ্য় যে, মাহত ১৫০০ টকা অৰ্থাৎ প্ৰতিদিনে মাত্ৰ ৫০ টকাৰ বিনিময়ত মহিলাসকলে নিজৰ ঘৰৰ যাৱতীয় কাম পেলাই থৈ পুৱাৰে পৰা বিয়লিলৈকে বিদ্যালয়ৰ ৰান্ধনীশালত ব্যস্ত হৈ থাকিব লগীয়া হয় । যি সময়ত এজন শ্ৰমিকৰ প্ৰতিদিনৰ হাজিৰা হৈছে ৩০০ ৰ পৰা ৫০০ টকা হৈছে তেনে সময়তে দিনটো ৰান্ধনিশালত কষ্ট কৰি ৫০ টকাহে লাভ কৰিছে ৰান্ধনীসকলে । কিন্তু ইয়াৰ পিছতো ৰান্ধনীসকলৰ দাবী চৰকাৰে আজিলৈকে পূৰণ কৰা নাই বুলি ক্ষোভেৰে কয় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:A village in Jonai has only bamboo bridges:জোনাইৰ এখন বিশেষ গাঁও, কেৱল বাঁহৰ দলঙৰেহে সংযুক্ত হৈ আছে বহি:জগতৰ সৈতে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.