ETV Bharat / state

Robbery Incident:নদীৰ মাজত ডকাইতি, লুটি নিলে 30 লক্ষাধিক টকা

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 11:34 AM IST

Robbery Incident
ডকাইতি

বিলাসীপাৰাৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ শাইলধাৰাৰ মাজত যন্ত্ৰচালিত নাৱত ২০ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলে ব্যৱসায়ীসকলৰ পৰা লুটপাট কৰি নিয়ে ৩০ লক্ষাধিক টকা ৷

ডকাইতি

বিলাসীপাৰা, 10 অক্টোবৰ : বিলাসীপাৰাৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰৰ নৈ কাষৰীয়া অঞ্চলত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । নিশা ২০ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ এটা দলে ভুটভুটি নাৱেৰে তিনিখন যন্ত্ৰচালিত ব্যৱসায়ীৰ নাৱত চলাই ভয়ংকৰ ডকাইতি কাণ্ড ।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা গোৱালপাৰা জিলাৰ জলেশ্বৰ বজাৰত মৰাপাট আৰু বিভিন্ন শস্য বিক্ৰী কৰি ঘৰ অভিমুখে আহি থকা ব্যৱসায়ী আৰু যাত্ৰীৰ পৰা দুৰ্ধৰ্ষ ডকাইতৰ দলে লুট-পাট কৰি নিয়ে ৩০ লক্ষাধিক টকা । দুৰ্ধৰ্ষ ডকাইতৰ দলটোৰ ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে তিনিখন নাৱৰ ব্যৱসায়ীসহ মুঠ ১০ গৰাকীকৈ যাত্ৰী । পিচত আহত লোকসকলক ততাতৈয়াকৈ বিলাসীপাৰা মডেল হাস্পতালত ভৰ্তি কৰোৱা হয় । বিলাসীপাৰাৰ সীমান্তৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ শাইলধাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । মুখত ক’লা কাপোৰ বান্ধি আহি চোকা অস্ত্ৰৰে আক্ৰমণ চলোৱা ২০ জনীয়া ডকাইতৰ দলৰ দুজনক খেদি খেদি আটক কৰে স্থানীয় ৰাইজে ।

পিচত খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰক্ষী । আটকাধীন দুৰ্ধৰ্ষ ডকাইত দুটাক ক্ৰমে ছাদ্দাম মোল্লাহ আৰু শাহজামাল শ্বেখ বুলি চিনাক্ত কৰা হৈছে । দুয়োৰে ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত বুলি জানিব পৰা গৈছে । পিচত ৰাইজৰ হাতৰ পৰা বিলাসীপাৰা আৰক্ষীয়ে জিম্মাত লোৱা দুই দুৰ্ধৰ্ষ ডকাইত ছাদ্দাম মোল্লাহ আৰু শাহজামল শ্বেখক পুনৰ চুনাৰী আৰক্ষীয়ে জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত ।

এই ভয়ংকৰ ডকাইতিৰ ঘটনাক লৈ সমগ্ৰ বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ডকাইতি কাণ্ড ৰোধত চূড়ান্ত ব্যৰ্থ হোৱা চুনাৰী আৰু বিলাসীপাৰা আৰক্ষীৰ এক প্ৰকাৰৰ নিষ্ক্ৰিয় ভূমিকাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে দল- সংগঠন আৰু সচেতন ৰাইজে । উল্লেখ্য যে, কেইদিন পূৰ্বে গুৱাহাটী-ধুবুৰীৰ নৈশ বাছত বিলাসীপাৰা মহকুমাৰ টিলাপাৰাত দুৰ্ধৰ্ষ ডকাইতৰ দলে চলাইছিল ভয়ংকৰ ডকাইতিৰ ঘটনা ।

লগতে পঢ়ক : 4 Robbers detained: তিনিচুকীয়া আৰক্ষীৰ জালত চাৰি দুধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.