মাদ্ৰাছা উচ্ছেদ প্ৰসংগ লৈ প্ৰয়োজনত উচ্চতম ন্যায়ালয়লৈ যাম: আজমল

author img

By

Published : Sep 4, 2022, 10:28 PM IST

Badruddin Ajmal reacts to Madrasa demolition in Dhubri

ধুবুৰীত এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল ৷ এই সংবাদ মেলতে মাদ্ৰাছা ভংগ আৰু উচ্ছেদ প্ৰসংগত ধুবুৰীত সাংসদ আজমলে ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া (Badruddin Ajmal reacts to Madrasa demolition in Dhubri)।

ধুবুৰী, 4 ছেপ্টেম্বৰ : ‘‘যদি কোনো মাদ্ৰাছাত জেহাদী এজন বা দুজন পাইছে ধৰক ৷ গুলী মাৰি দিয়ক ৷ সকলোকে গুলীয়াই শেষ কৰি দিয়ক ৷ আমাৰ কোনো আপত্তি নাই । চৰকাৰে ধৰক আমি সহায় সহযোগ কৰিম । কিন্তু জেহাদী ধৰাৰ নামত অন্যায়ভাৱে ইছলামিক মাদ্ৰাছা ভঙা বা উচ্ছেদ কৰা আমি কেতিয়াও মানি লব নোৱাৰো ।"

মাদ্ৰাছা উচ্ছেদ প্ৰসংগলৈ প্ৰয়োজনত উচ্চতম ন্যায়ালয়লৈ যাম : আজমল

দেওবাৰে এক সংবাদমেল আয়োজন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে (Badruddin Ajmal reacts to Madrasa demolition in Dhubri) ৷ লগতে সাংসদ বদৰুদ্দিন আজমলে মাদ্ৰাছা ভঙা বা উচ্ছেদ প্ৰসংগ লৈ আইনৰ আশ্ৰয় লোৱাৰ কথাও সদৰী কৰে । লগতে প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথাও উল্লেখ কৰে সাংসদগৰাকীয়ে ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন স্থানত জেহাদীৰ বিৰুদ্ধে অভিযান চলাই কেইবাজনো লোকক জেহাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ইয়াৰে সমান্তৰালকৈ জেহাদীয়ে আশ্ৰয় লোৱা কেইবাখনো মাদ্ৰাছাত উচ্ছেদ চলাইছে অসম চৰকাৰে । জেহাদীৰ নামত মাদ্ৰাছা ভঙা বা উচ্ছেদ চলোৱাক কেন্দ্ৰ কৰি ৰাজ্যৰ শাসক বিৰোধী ৰাজনৈতিক যুদ্ধ অব্যাহত আছে ।

লগতে পঢ়ক : মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া দুই কংগ্ৰেছ বিধায়কৰ

মাদ্ৰাছা সন্দৰ্ভত বিৰোধীয়ে যদি শাসক পক্ষক সমালোচনা কৰিছে ৷ আনপিনে আকৌ শাসক পক্ষই বিৰোধীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে । এনে সময়তে সাংসদ বদৰুদ্দিন আজমলেও সংবাদ মাধ্যম যোগে এই সন্দৰ্ভত ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷ আনপিনে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই 2024 ত ৰাজ্যত বিজেপিৰ মডেল চলিব বুলি কৈ আজমলক সমালোচনা কৰে ৷ আনহাতে আজমলে আজি আৰু কয় যে বিজেপি দলত ভাঙোন আৰম্ভ হৈছে ৷ একেদৰে কংগ্ৰেছৰো কেইবাজনো বিধায়ক কেইদিনমানৰ ভিতৰতে এ আই ইউ ডি এফত যোগদান কৰিব বুলি উল্লেখ কৰে এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক : শোণিতপুৰৰ চিতলমাৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.