ETV Bharat / state

ঐতিহ্যমণ্ডত পাগলা বাবা মন্দিৰত মহা অশোকাষ্টমী স্নান

author img

By

Published : Apr 14, 2019, 3:57 AM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাৰ ঐতিহ্যমণ্ডত চান্দৰডিঙা পাগলা বাবা মন্দিৰত শনিবাৰে উলহ মালহেৰে পালন কৰা হয় পবিত্ৰ অশোকাষ্টমী স্নান আৰু শান্তি যজ্ঞ ৷

ঐতিহ্যমণ্ডত চান্দৰডিঙ্গা পাগলা বাবা মন্দিৰত মহা অশোকাষ্টমী স্নান

বিলাসীপাৰা,14 এপ্ৰিলঃ শনিবাৰে পুৱা ৬ বজাৰ পৰা সম্পূৰ্ন মাংগলিক প্ৰথাৰে আৰম্ভ হয় পবিত্ৰ স্নান | ইয়াৰ পিছতে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় শান্তি যজ্ঞানুষ্ঠান | যজ্ঞানুষ্ঠানত সমাগম হয় নামনি অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত ৰাইজৰ | আনহাতে মন্দিৰ চৌহদত উদযাপন কৰা হয় বিহু, বাঁহ নৃত্য, কুশাণ নৃত্য, কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য আদি ৷ অশোকাষ্টমীৰ সমূহ কাৰ্যসূচীত উপস্থিত থাকি স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীয়ে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ব্ৰহ্মপুত্ৰ নদী উপকুলত অৱস্থিত চান্দৰডিঙাক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এক কোটি চল্লিশ লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰা বুলি ঘোষণা কৰে |

ঐতিহ্যমণ্ডত চান্দৰডিঙ্গা পাগলা বাবা মন্দিৰত মহা অশোকাষ্টমী স্নান

তদুপৰি চান্দৰডিঙাত এটা সদ্ভাৱনা মঞ্চ নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলিও উল্লেখ কৰে ৷ অনুষ্ঠানত উপস্থিত থাকে গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ৷ ধুবুৰী সমষ্টিৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামে মন্দিৰত বাবাৰ আশীষ গ্ৰহন কৰি তেওঁ ক্ষমতাত আহিলে ক্ষেত্ৰখনক এক বৃহৎ পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷

Intro:আজি মহা অশোকাষ্টমী স্নান । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাৰ ঐতিহ্যমণ্ডত চান্দৰডিঙ্গা পাগলা বাবা মন্দিৰত উছাহ উদ্দিপনাৰে পালন হৈছে পবিত্ৰ অশোকাষ্টমী স্নান আৰু শান্তি যজ্ঞৰ । পুবা ৬ বজাৰ পৰা সম্পূৰ্ন মাঙ্গলিক পথাৰে আৰম্ভ হয় পবিত্ৰ স্নান | ইয়াৰ পিছতে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় শান্তি যজ্ঞানুষ্ঠান | যজ্ঞানুষ্ঠান নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত ৰাইজৰ সমাগম হয় | আনহাতে মন্দিৰ চৌহদত উদযাপন কৰা হয় বিহু, বাঁহ নৃত্য, কুশাণ নৃত্য, কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য আদি |Body:অশোকাষ্টমীৰ সমূহ কাৰ্যসূচীত উপস্থিত থাকি স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীয়ে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ব্ৰহ্মপুত্ৰ নদী উপকুলত অৱস্থিত চান্দৰডিঙাত পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এক চল্লিছ হাজাৰ টকাৰ মঞ্জুৰীৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ঘোষণা কৰে | তদুপৰি চান্দৰডিঙাত এটা সদ্ ভাৱনা মঞ্চ নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি তোলে হয় বুলি কয় |Conclusion:অনুষ্ঠানত গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম উপস্থিত থাকে | ধুবুৰী সাংসদৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামে মন্দিৰত বাবাৰ আশীষ গ্ৰহন কৰি কয় যে মই ক্ষমতাত আহিলে ইয়াত বৃহৎ পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাত ব্যৱস্থা গ্ৰহণ কৰিম | অশোকাষ্টমীত লক্ষাধিক ভক্ত প্ৰান ৰাইজৰ সমাগম হয় |
Bite
1 MLA অশোক কুমাৰ সিংহী
2 AGP Candidate জাভেদ ইছলাম,
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.