ETV Bharat / state

ধুবুৰীৰ গোলকগঞ্জত আশা কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Jan 15, 2021, 5:16 PM IST

ন্য়ায্য় প্ৰাপ্তিৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জত আশা কৰ্মীসকলৰ উত্তাল প্ৰতিবাদ বৃহস্পতিবাৰে ৷ শীঘ্ৰেই যদি আশা কৰ্মীসকলৰ এই দাবী মাননি নলয় তেন্তে ভোট বর্জনৰো হুংকাৰ প্ৰদান কৰিছে আশা কৰ্মীসকলে ৷

আশা কৰ্মীৰ প্ৰতিবাদ
আশা কৰ্মীৰ প্ৰতিবাদ

ধুবুৰী,15 জানুৱাৰী : ৰাজ্যজুৰি অব্যাহত আছে আশা কৰ্মী সকলৰ প্ৰতিবাদ। ধুবুৰী জিলাৰ গোলোকগঞ্জত আশা কৰ্মীসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৃহস্পতিবাৰে ৷ আশা কৰ্মীসকলৰ অভিযোগ তেওঁলোকে এই বৰ্তমানলৈকে পোৱা নাই উচিত মাননি ৷ চৰকাৰে তেওঁলোকক মাননিৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰে ৷

আশা কৰ্মীৰ প্ৰতিবাদ

আশা কৰ্মীসকলক উপযুক্ত মজুৰী দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ছয় দফীয়া দাবীও চৰকাৰক প্ৰদান কৰে,কিন্তু বৰ্তমানলৈকে চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰীয়ে কোনো ধৰণৰ আশ্বাস প্ৰদান কৰা নাই । শীঘ্ৰেই যদি আশা কৰ্মীসকলৰ এই দাবী মাননি নলয় তেন্তে ভোট বর্জনৰো হুংকাৰ প্ৰদান কৰিছে আশা কৰ্মীসকলে ৷

আশা কৰ্মীৰ প্ৰতিবাদ
আশা কৰ্মীৰ প্ৰতিবাদ

লগতে পঢ়ক : উজনিৰ 7 খন জিলাৰ বাবে ডিব্ৰুগড় পালেহি ক'ভিচিল্ড ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.