ETV Bharat / state

শিল্পী ৰমেন চৌধুৰীলৈ অসম সাহিত্য সভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 7:03 AM IST

অসম সাহিত্য সভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান বিশিষ্ট শিল্পী ৰমেন চৌধুৰীলৈ আগবঢ়োৱাৰ সিদ্ধান্ত । অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনৰ ব্যাপক প্ৰস্তুতি । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডo উপেন্দ্ৰজিৎ শৰ্মাই সংবাদমেলযোগে সদৰী কৰে এই তথ্য ৷

Asam Sahitya Sabha press meet in dhubri
অসম সাহিত্য সভাৰ সংবাদমেল

অসম সাহিত্য সভাৰ সংবাদমেল

ধুবুৰী, 12 জানুৱাৰী: অসম সাহিত্য সভাই প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ ওলাইছে জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান । ৰাজ্যখনৰ বিশিষ্ট শিল্পী ৰমেন চৌধুৰীলৈ অসম সাহিত্য সভাই আগবঢ়াব জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান । কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত, চাংসাৰীৰ উদয়ন শাখা সাহিত্য সভা আৰু মলংবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া জ্যোতি দিৱসৰ কাৰ্যসূচীত বিশিষ্ট শিল্পীগৰাকীক প্ৰদান কৰা হব এই সন্মান ।

বৃহস্পতিবাৰে ধুবুৰীত অনুষ্ঠিত কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডo উপেন্দ্ৰজিৎ শৰ্মাই । সংবাদমেলখনত আগন্তুক অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশন সম্পৰ্কেও উল্লেখ কৰা হয় । উল্লেখ্য যে, অহা 17 জানুৱাৰীত অসম সাহিত্য সভাই কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চাংসাৰীৰ উদয়ন শাখা সাহিত্য সভাৰ সহযোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত দিনটো জ্যোতি দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তুতি চলাইছে ।

অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনখনি অহা 31 জানুৱাৰীৰ পৰা 3 ফ্ৰেব্ৰুৱাৰীলৈ বাৰপূজীয়াৰ ঐতিহাসিক পাঁচো ৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব বুলিও সংবাদমেলখনত সদৰী কৰা হয় । এই অধিৱেশনখনিত জাতীয় বৌদ্ধিক সন্মিলন, কবি সন্মিলন, ৰামধেনু, আকাশ, কুঁহি, নাট্য সন্মিলন, সাহিত্য সন্মিলন, জনগোষ্ঠীয় সমাৰোহ, জনগোষ্ঠীয় ছাত্ৰ-যুৱ সন্মিলন, সাংস্কৃতিক সন্মিলন, সাংবাদিক সন্মিলন, বুৰঞ্জী সন্মিলন আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে কয়, "আমি সামগ্ৰিক ৰূপত এই অধিৱেশনখনিৰ জৰিয়তে এখন আস্থা, বিশ্বাস আৰু সমন্বয় -সম্প্ৰীতিৰ অসম গঢ়িব বিচাৰো ।"

লগতে পঢ়ক: পদুলিত ভোগালী: ঢেকীৰ শব্দই ৰজনজনাইছে ৰাজ্যৰ চৌদিশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.