ETV Bharat / state

যান্ত্ৰিক বিজুতিৰ ফলত ৰাখি থোৱা অৱস্থাতে জ্ৱলিলে ১০৮

author img

By

Published : Apr 22, 2021, 9:06 PM IST

ambulence-fire-in-bilasipara-sub-centre-etv-bharat-news
যান্ত্ৰিক বিজুতিৰ ফলত ভষ্মীভূত এম্বুলেঞ্চ

বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় এখন ১০৮ এম্বুলেঞ্চ ৷ AS01 FC 1438 নম্বৰৰ এম্বুলেঞ্চখন চিকিৎসালয়খনৰ চৌহদত ৰখা অৱস্থাতে হঠাতে জুইৰ সূত্ৰপাত ঘটে ।

বিলাসীপাৰা, 22 এপ্ৰিল : বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত অঘটন ৷ অগ্নিকাণ্ডৰ ফলত স্বাস্থ্য কেন্দ্ৰটোৰ এখন ১০৮ এম্বুলেঞ্চৰ অধিকাংশ জুইত জাহ যায় । বৃহস্পতিবাৰে পুৱতি নিশা এম্বুলেঞ্চখনৰ সন্মুখ ভাগ পুৰি ছাইত পৰিণত হয় ৷ যান্ত্ৰিক বিজুতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

যান্ত্ৰিক বিজুতিৰ ফলত ৰাখি থোৱা অৱস্থাতে জ্ৱলিলে ১০৮

উল্লেখ্য যে, বিলাসীপাৰা চহৰখনত মাত্ৰ দুখন এম্বুলেঞ্চৰ জৰিয়তে ৰোগীক চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়াই আহিছিল । ইয়াৰে AS 01 FC 1438 নম্বৰৰ এম্বুলেঞ্চখন চিকিৎসালয়খনৰ চৌহদত ৰখা অৱস্থাতে হঠাৎ জুইৰ সূত্ৰপাত ঘটে । অগ্নিকাণ্ডত এম্বুলেঞ্চখনৰ অধিকাংশ ভষ্মীভূত হৈ যায় ।

লগতে পঢ়ক : কোকৰাঝাৰত 108 গৰাকীলৈ বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.