ETV Bharat / state

Ajmal Slams BJP : ধুবুৰীত সাংসদ বদৰুদ্দিন আজমলৰ নিৰ্বাচনী ৰণডংকা

author img

By

Published : Jul 13, 2023, 1:23 PM IST

Ajmal Slams BJP
Ajmal Slams BJP

ধুবুৰীত আৰম্ভ হ'ল এআইইউডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰ । কংগ্ৰেছ-বিজেপিক লক্ষ্য কৰি, সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু ইউনিফৰ্ম চিভিল কোডক ইছ্যু হিচাপে লৈ আজমল নামিছে নিৰ্বাচনী প্ৰচাৰত ।

আজমলৰ নিৰ্বাচনী ৰণডংকা

ধুবুৰী, ১৩ জুলাই : সমাগত লোকসভা নিৰ্বাচন । শাসনাধিস্থিত বিজেপি দলে ইতিমধ্যে নিৰ্বাচনী যুঁজৰ কুচকাৱাজ আৰম্ভ কৰিছে । আনহাতে, বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ মহা ঐক্য গঠনৰ বাবে আৰম্ভ হৈছে বিৰোধী ঐক্য বৈঠক । বিভিন্ন ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে বিভিন্ন দলৰ আগন্তুক লোকসভা নিৰ্বাচনক লৈ প্ৰস্তুতি পৰ্ব । পিছপৰি থকা নাই এআইইউডিএফো ।

লোকসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজালে এইআইইউডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে । ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে বদৰুদ্দিন আজমলে । বুধবাৰে ধুবুৰীৰ ভাষানীৰ চৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে অংশগ্ৰহণ কৰে । সভাত ইউনিফৰ্ম চিভিল কোডক লৈ সোচ্চাৰ হৈ পৰে আজমল । ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত তীব্ৰ সমালোচনা কৰি আজমলে নিজৰ ভাষণত কয়, "এতিয়া বিজেপিয়ে ইউনিফৰ্ম চিভিল কোডক লৈ ৰাজনীতি আৰম্ভ কৰিছে । সংসদত এই ইউনিফৰ্ম চিভিল কোড গৃহীত কৰাৰ বাবে বিজেপিয়ে উঠিপৰি লাগিছে ।"

আজমলে লগতে কয়, "মই বিজেপি চৰকাৰক এই কথাই ক'ম, আপোনালোকে ইউনিফৰ্ম চিভিল কোড লগাওক । কাইলৈৰ পৰা আমিও শাড়ী পিন্ধিম, আপোনালোকেও শাড়ী পিন্ধিব । এবছৰ আমি দাড়ি ৰাখিম, আন এক বছৰত তোমালোকে দাড়ি ৰাখিবা ।" আনপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মিঞা আৰু অসমীয়াক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে কয়, "মিঞা নহ'লে অসমীয়া কেনেকৈ হয় । মিঞা আৰু অসমীয়া ভাই ভাই । মিঞা নোহোৱাকৈ অসম নাথাকে ।"

আনহাতে, আজমলে ভূপেন বৰাকো দিয়ে বিশেষ পৰামৰ্শ । "ভূপেন বৰাই ৰাজনীতি এৰি ৰাম ৰাম হৰি ৰাম জাপি থাকক ।" আজমলে কয় । ইপিনে ধুবুৰী লোকসভা সমষ্টিত এইবেলি কংগ্ৰেছৰ ৰকিবুল হুছেইন বা ৱাজেদ আলী চৌধুৰীৰ লগতে কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ ছলমান খানে আজমলৰ বিৰুদ্ধে নিৰ্বাচন খেলিব বুলি আজমলৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত আজমলে কয়, "যেতিয়া মোৰ বিৰুদ্ধে ধুবুৰীৰ পৰা নিৰ্বাচন খেলিব তেতিয়া ৰকিবুলকো ১০ লাখ, ৱাজেদকো ১০ লাখ টকা দি সহায় কৰিম ।"

উল্লেখ্য যে সভাত প্ৰচলিত প্ৰথা মতেই আজমলে পুনৰ আৰম্ভ কৰে জৰা-ফুকাৰ ৰাজনীতি । পানীৰ বটলত জৰা-ফুকা কৰি সমৰ্থক ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰে আজমলে ।

লগতে পঢ়ক :D Voter Issue: ডি ভোটাৰ বিতৰ্কত যোৰহাটত আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.