ETV Bharat / state

ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত আছুৰ সঁজাতী দল

author img

By

Published : Aug 21, 2022, 8:15 PM IST

Updated : Aug 21, 2022, 8:54 PM IST

AASU visits India Bangladesh border
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত আছুৰ সজাতি দল

অসম চুক্তি স্বাক্ষৰৰ ৩৭ টা বছৰ উকলিল (Assam Accord)। কিন্তু আজিও উন্মুক্ত ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত । এফালৰ পৰা লুইতৰ গৰাখহনীয়াই গ্ৰাস কৰি গৈছে সীমান্তৰ কাঁটা তাৰ আৰু পথ । দেওবাৰে ধুবুৰীৰ ভাৰত বাংলা সীমান্তত উপস্থিত হ’ল আছুৰ এটা সঁজাতী দল (AASU visits India Bangladesh border)।

ধুবুৰী, 21 আগষ্ট: এতিয়াও সম্পূৰ্ণৰূপে উন্মুক্ত ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিশাল এলেকা । ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত উপস্থিত হৈ স্তম্ভিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ সঁজাতী দল । আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা প্ৰকাশ দাসৰ নেতৃত্বত এক বৃহৎ দল উপস্থিত হ’ল ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিন্নাচৰা অঞ্চলত (AASU visits India Bangladesh border)।

ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত আছুৰ সজাতি দল

বিন্নাচৰা অঞ্চলৰ গংগাধৰ নৈত অব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া (Gangadhar River Erosion)। প্ৰতি বছৰে গৰাখহনীয়াত জাহ গৈছে সীমান্তৰ কাঁটা তাৰ আৰু পথ । ফলত দেশৰ প্ৰতি আহিছে চৰম ভাবুকি । উন্মুক্ত নদী সীমান্তৰে যিকোনো মুহূৰ্তত বাংলাদেশীয়ে প্ৰৱেশ কৰিব পাৰে অসম ভূমিত ।

অসম চুক্তি স্বাক্ষৰৰ ৩৭ টা বছৰ পাৰ হ’ল । অৰ্থাৎ প্ৰায় চাৰিটা দশক হ’বৰ হ’ল অসম চুক্তিৰ । কিন্তু অসম চুক্তি ৰূপায়ণত সম্পূৰ্ণৰূপে ব্যৰ্থ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ । আজিও ছীল নহ’ল ধুবুৰীৰ সীমান্ত (Indio Bangladesh border in Dhubri)। আজিও সমাধান নহ’ল অবৈধ অনুপ্ৰৱেশ অথবা বিদেশীৰ সমস্যা । দেওবাৰে আছুৰ এটা সঁজাতী দল ধুবুৰীৰ সীমান্তৰ বিন্নাচৰা অঞ্চলত উপস্থিত হৈ তীব্ৰ ভাষাৰে সমালোচনা কৰিলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ।

ইপিনে আছুৰ সঁজাতী দলটো বিন্নাচৰা সীমান্তৰ পৰা সীমান্ত পথেৰে গৈ উপস্থিত হয় কেডাৰ সীমান্তৰ ৫০ নং গেটত । কাঁইটীয়া তাঁৰৰ সিপাৰে থকা ভোগডাংগা আৰু ফাস্কাৰকুটি গাঁৱলৈ আছুৰ সঁজাতী দলটোৱে যোৱাৰ চেষ্টা কৰে যদিও বি এছ এফে অনুমতি প্ৰদান নকৰে ।

দেশ স্বাধীন হোৱাৰ ৭৫ টা বছৰেও একপ্ৰকাৰ পৰাধীন হৈ থকা গাঁও দুখনৰ ১৩০ টা পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তেওঁলোকক ভাৰতীয় হিচাবে মৰ্যাদা দিয়াৰ দাবী জনাইছে আছুৰ উপদেষ্টা প্ৰকাশ দাসে । ইয়াৰোপৰি সীমা নিৰ্ধাৰণৰ জ্বলন্ত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰক গুৰুত্ব আৰোপ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: পৰীক্ষা নিৰীক্ষকৰ ভুলৰ বলি হ’ল নলবাৰীৰ ২১ গৰাকীকৈ পৰীক্ষাৰ্থী

Last Updated :Aug 21, 2022, 8:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.