ETV Bharat / state

নিশ্চিহ্ন হোৱাৰ পথত অসমৰ এটা বিধান সভা সমষ্টি

author img

By

Published : Jul 26, 2020, 10:44 PM IST

Updated : Jul 26, 2020, 11:07 PM IST

Legislative constituency of Assam
Legislative constituency of Assam

নিশ্চিহ্ন হোৱাৰ পথত অসমৰ এটা সমষ্টি ৷ যিকোনো মুহূৰ্তত অসমৰ মানচিত্ৰৰ স্থল ভাগৰ পৰা নিশ্চিহ্ন হ’ব পাৰে সমষ্টিটো । চৰম অস্তিত্বৰ সংকটত অসম বিধানসভাৰ ২২ নং দক্ষিণ শালমাৰা সমষ্টি । কাৰণ প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে সমষ্টিটোৰ ইখনৰ পিচত সিখন গাঁও ।

ধুবুৰী, 26 জুলাই : ১৯৫০ চনৰ বৰ ভূঁইকপৰ পাচৰে পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপী গৰাখহনীয়াই এফালৰ পৰা খহাই নিছে ২২ নং দক্ষিণ শালমাৰা সমষ্টি ৷ বৰ লুইতৰ বুকুত ইতিমধ্যেই বহুলাংশে জাহ গৈছে দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ, পাটাকাটা, হাজিৰহাট, পামপাৰা, চতলাৰ পাৰ আৰু ডিমাতলাকে ধৰি বহু কেইটা অঞ্চল ৷ গৃহহাৰা হৈছে হেজাৰ হেজাৰ পৰিয়াল । প্ৰতি বছৰে বান গৰাখহনীয়াত মাটি-ভেটি হেৰুৱাই মথাউৰি আৰু ওখ ঠাইত অঘৰী হিচাপে জীৱন নিৰ্বাহ কৰি আহিছে এইসকল দুৰ্ভগীয়াই । কিন্তু কাৰো কাণসাৰ নাই ৷ প্ৰতিৰোধৰ নামত চৰকাৰে বিভিন্ন সময়ত বাঁহ আৰু আৰ চি চি পাৰ্কুপাইন বহুৱাই কোটি কোটি টকা খৰচ কৰি আহিছে । কিন্তু ৰোধ কৰিব পৰা নাই বুঢ়ালুইতৰ কালকোপ ৷ গৰাখহনীয়া প্ৰতিৰোধৰ নামত আৱন্টিত ধন ভাগে ভাগে সোমাই একাংশ বিশেষ ক্ষমতাসম্পন্ন লোকৰ পকেটত ৷ বিভিন্ন দল সংগঠন আৰু ৰাইজে সুদীৰ্ঘ বছৰৰ পৰা গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী উত্থাপন কৰিছে যদিও গুৰুত্ব প্ৰদান কৰা নাই ধুবুৰী জিলা প্ৰশাসন, কৰ্তৃপক্ষ আৰু চৰকাৰে । সমান্তৰাল ভাৱে গুৰুত্ব প্ৰদান কৰা নাই সাংসদ বিধায়কেও ।

assam floodLegislative constituency
বানত ক্ষতিগ্ৰস্ত দক্ষিণ শালমাৰবাসী

1978 চনৰ পৰা দক্ষিণ শালমৰা সমষ্টিত 5 টাকৈ কাৰ্যকাল কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে 2 টা কাৰ্যকাল আছিল এ আই ইউ ডি এফৰ দখলত ৷ আনহাতে তিনিটা কাৰ্যকাল এই সমষ্টি প্ৰতিনিধিত্ব কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷ 1978, 85, আৰু 91 চনত নিৰ্দলীয় প্ৰাৰ্থী দেৱান জয়নাল আবেদিনে প্ৰতিনিধিত্ব কৰিছিল দক্ষিণ শালমাৰা সমষ্টিক ৷ 1996, 2001 আৰু 2016 চনত কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীয়ে নেতৃত্ব দি আহিছে সমষ্টিটো ৷ 2006 চনত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল এই সমষ্টিৰ পৰা জয়ী হয় যদিও পুনৰ 2009 চনত আজমল লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে উপনিৰ্বাচনৰ দ্বাৰা এই সমষ্টিত জয়ী হয় ৱাজেদ আলী চৌধুৰী ৷ দেখা যায় যে এই সমষ্টিটোক সৰ্বাধিক সময় প্ৰতিনিধিত্ব কৰি আহিছে ৱাজেদ আলী চৌধুৰীয়ে, কিন্তু কংগ্ৰেছ চৰকাৰৰ শাসনকাল চলি থকাৰ সময়তো এইগৰাকী বিধায়কে ব্যৱস্থা কৰিব নোৱাৰিলে সমষ্টিটোৰ খহনীয়া ৰোধৰ ৷

নিশ্চিহ্ন হোৱাৰ পথত অসমৰ এটা বিধান সভা সমষ্টি

সম্প্ৰতি বানৰ সময়ত ফকিৰগঞ্জ অঞ্চলত কেইটামান বাঁহৰ পাৰ্কুপাইন বহুৱাই গৰাখহনীয়া প্ৰতিৰোধৰ নামত যেন ল'ৰা ধেমালি কৰিছে চৰকাৰ তথা জিলা প্ৰশাসনে । এই প্ৰতিৰোধ ব্যৱস্থাৰ জৰিয়তে এই প্ৰতিৰোধ ব্যৱস্থাৰ জৰিয়তে কোনো কাম নহ'ব যদিও পকেট গৰম হ'ব একাংশ আমোলা-বিষয়া আৰু ঠিকাদাৰৰ । সেয়ে এনে ধৰণৰ বাঁহৰ পাৰ্কুপাইন বহুৱাই লাখ লাখ টকা খৰচ নকৰি বিজ্ঞানসন্মত ভাবে স্থায়ী পাৰ্কুপাইনৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ফকিৰগঞ্জ অঞ্চলৰ ৰাইজৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই ।

এইবেলিও তিনিটা পৰ্যায়ৰ বাঢ়নী পানী আৰু গৰাখহনীয়াৰ ফলত দক্ষিণ শালমাৰা সমষ্টিৰ বহু পৰিয়াল ঘৰবাৰী- মাটি ভেটি হেৰুৱাব লগীয়া হৈছে ৷ কিন্তু এইসকল দুৰ্ভগীয়াৰ বিষয়ে ভাবিলৈ যেন আহৰি নাই জন প্ৰতিনিধি তথা চৰকাৰৰ ৷ বিশ্বাসেৰে নিজৰ বহুমূলীয়া ভোটেৰে জয়ী কৰি অহা বিধায়কে যেন পদে পদে বিশ্বাসঘাতকতা কৰিছে দক্ষিণ শালমৰা সমষ্টিবাসীক ৷ সময় থাকোতেই যদি ব্যৱস্থা লোৱা নহয় তেন্তে অসম বিধান সভাৰ সমষ্টি তালিকাৰ পৰা মোচ খাই যাব দক্ষিণ শালমৰা সমষ্টিৰ নাম ৷

লগতে পঢ়ক : শংকাত দিন কটাইছে পাগলাদিয়া নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকে

Last Updated :Jul 26, 2020, 11:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.