ETV Bharat / state

Milky mushroom cultivation: জোনাইৰ অনিল পেগুৰ উদাহৰণ ল’ব পাৰে জীৱিকা সন্ধানীয়ে

author img

By

Published : Jul 11, 2022, 10:13 PM IST

Updated : Jul 11, 2022, 10:43 PM IST

দুগ্ধ কাঠফুলা খেতিৰে স্বাৱলম্বী হৈছে জোনাইৰ এজন উদ্যমী যুৱক ৷ 20 বছৰ ধৰি কাঠফুলা খেতি কৰি অহা যুৱকজনে শেহতীয়াকৈ আৰম্ভ কৰিছে দুগ্ধ কাঠফুলা(Milky mushroom cultivation)৷

দুগ্ধ কাঠফুলা খেতিৰে নিদৰ্শন দাঙি ধৰিছে
দুগ্ধ কাঠফুলা খেতিৰে নিদৰ্শন দাঙি ধৰিছে অনিল পেগুৱে

জোনাই ১১ জুলাই: ৰাজ্যত প্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত ‘দুগ্ধ কাঠফুলা ’ খেতি কৰি চৰ্চিত হৈ পৰিছে জোনাইৰ অনিল পেগু (Mushroom at Jonai)৷ প্ৰায় 20 বছৰ পূৰ্বৰে পৰা সাধাৰণ কাঠফুলাৰ খেতি কৰি অহা অনিল পেগুৱে শেহতীয়াকৈ ‘দুগ্ধ কাঠফুলা’ খেতি পৰীক্ষামূলকভাৱে কৰি সফল হ’বলৈ সক্ষম হৈছে ৷

বহিঃৰাজ্যত এই কাঠফুলা(Milky mushroom) সুলভ যদিও অসমত খুউৱ কম দেখা যায় ৷ অসমৰ জলবায়ুৰ তাৰতম্যৰ বাবে ব্যৱসায়িক ভিত্তিত এই কাঠফুলা কমকৈ হোৱা দেখা যায় বুলি মন্তব্য কৰে উদ্যমী যুৱক অনিলে ৷ যথেষ্ট পৰিমানে প্ৰ’টিন(Protein in Mushroom) আৰু ন্যূনতম কলেষ্ট্ৰৰেলসমৃদ্ধ এই কাঠফুলা যথেষ্ট সুস্বাদু বুলিও মন্তব্য কৰে অনিল পেগুৱে ৷

দুগ্ধ কাঠফুলা খেতিৰে নিদৰ্শন দাঙি ধৰিছে অনিল পেগুৱে

দুগ্ধ প্ৰজাতিৰ কাঠফুলা খেতিৰ বাবে নতুন প্ৰজন্মক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই যুৱকজনে কয় যে ইয়াৰ বাবে মূলধনৰো বিশেষ প্ৰয়োজন নহয় ৷ মাত্ৰ 5-10 হাজাৰ টকাৰেই আৰম্ভ কৰিব পাৰি কাঠফুলা খেতি (Milky mushroom cultivation) ৷ ইয়াৰ জৰিয়তে স্বাৱলম্বী হোৱাৰো নিশ্চিতি প্ৰদান কৰে যুৱকজনে ৷

উল্লেখ্য যে, নতুন প্ৰজাতিৰ কাঠফুলা ‘দুগ্ধ কাঠফুলা’ ব্যৱসায় ভিত্তিত আৰম্ভ কৰি ঘৰখন সুন্দৰভাৱে চলাই থাকিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে অনিল পেগু ৷ ইয়াৰোপৰি প্ৰতি কেজি কাঠফুলা 200-400 টকাত বিক্ৰী হোৱা বুলি তেও জানিবলৈ দিয়ে (Price of Milky mushroom)৷

লগতে পঢ়ক: সফল জীৱনৰ বাবে একাডেমিক পৰীক্ষাৰ গুৰুত্ব কিমান ? ডিজিপিয়ে দিলে বহু উদাহৰন

Last Updated : Jul 11, 2022, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.