ETV Bharat / state

চৰকাৰলৈ অপেক্ষা নকৰি খহনীয়া প্ৰতিৰোধত নামিল ৰাইজ

author img

By

Published : Aug 10, 2020, 5:42 AM IST

erosion
খহনীয়া প্ৰতিৰোধ

ধেমাজি বিধান সভাৰ সমষ্টিৰ অন্তগৰ্ত বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ অধীনৰ বামুনী নাথ গাঁৱৰ ৰাইজ একত্ৰিত হৈ ওলাই আহিল খহনীয়া প্ৰতিৰোধৰ বাবে ৷

ধেমাজি, 9 আগষ্ট : চৰকাৰ আৰু জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি নিজেই নিজৰ সমস্যা দূৰ কৰিবলৈ ওলায় আহিল ধেমাজিৰ একাংশ ৰাইজ ৷ খহনীয়া প্ৰতিৰোধ কৰি নিজৰ ৰাস্তা নিজেই নিমাৰ্ণ কৰিবলৈ আগবাঢ়ি আহিল এইসকল লোক ৷ ধেমাজি বিধান সভাৰ সমষ্টিৰ অন্তগৰ্ত বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ অধীনৰ বামুনী নাথ গাঁৱৰ ৰাইজ একত্ৰিত হৈ ওলাই আহিল পথ মেৰামতিৰ বাবে ৷

চৰকাৰলৈ অপেক্ষা নকৰি খহনীয়া প্ৰতিৰোধত নামিল ৰাইজ

গাঁওখনৰ ডেকা ,গাভৰু, জ্যেষ্ঠজন আদিয়ে হাতে হাতে কোৰ , বস্তা লৈ নাথ গাঁৱৰ মাজেৰে যোৱা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নামি পৰিল ৷ গাঁওবাসীয়ে নিজা প্ৰচেষ্টাত বাঁহ , বস্তা ,তাঁৰ আদি সংগ্ৰহ কৰি শ্ৰমদান কৰে ৷ মন কৰিবলগীয়া যে পঞ্চায়তৰ জনপ্ৰতিনিধিকো বাৰাম্বাৰ এই সমস্যাৰ বিষয়ে জনায় অহাৰ পাচতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰিছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক : শিলাদিত্য দেৱৰ বিৰুদ্ধে ধেমাজি সদৰ থানাত এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.