ETV Bharat / state

Terrible road accident: চিলাপথাৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন

author img

By

Published : Aug 16, 2023, 9:38 AM IST

চিলাপথাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত সংঘৰ্ষ ৷ আকাশ ৰায় আৰু কৰণ বিশ্বকৰ্মা নামৰ দুই স্কুটি আৰোহী যুৱক নিহত ৷

Terrible road accident in Silapathar
চিলাপথাৰত চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ

চিলাপথাৰত চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ

জোনাই, 16 আগষ্ট: স্বাধীনতা দিৱসৰ দিনা সন্ধিয়া চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মঙলবাৰে চিলাপথাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰবেগী চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে পথ দুৰ্ঘটনাটো হয় ৷ ফলত দুজনকৈ যুৱক থিতাতে নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক ৷ নিহত দুই যুৱক চন্দ্ৰ ৰায়ৰ পুত্ৰ আকাশ ৰায় আৰু কৰণ বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে ৷

নিহত আকাশ ৰায়ৰ ঘৰ ডিমৌ চাৰিআলি আৰু কৰণ বিশ্বকৰ্মাৰ ঘৰ ডিমৌ গোলাইত বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷ দুৰ্ঘটনাত আহত কেইবাজনকো সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে স্থানীয় লোকৰ তৎপৰতাত আহত সকল উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS 06 R 8179 আৰু স্কুটিখনৰ নম্বৰ AS 06 W 4873 ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, তিনি যুৱকে চিনেমা চাই ঘৰলৈ ওভতাৰ সময়তে বিপৰীত দিশৰ পৰা অহা চাৰিচকীয়া বাহনত খুন্দা মাৰে ৷ ফলত দুই স্কুটি আৰোহী আকাশ ৰায় আৰু কৰণ বিশ্বকৰ্মা নিহত হৈছে ৷ গুৰুতৰভাৱে আহত হৈছে স্কুটি আৰোহী আন এজন যুৱক ৷ আনহাতে, ঘটনাস্থলীত ততাতয়াকৈ চিলাপথাৰ আৰক্ষী উপস্থিত হয় ৷

যি সময়ত দেশে উলহ-মালহেৰে 77 সংখ্যক স্বাধীনতা দিৱস পালন কৰিছ তেনে সময়তে একাংশ লোকে সুৰাপান কৰি বাহন চলোৱাৰ ফলতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰিছে ৰাইজে ৷ এই পথ দুৰ্ঘটনাৰ পাচতে কাঁহ পৰি জিন যোৱাৰ দৰে অৱস্থা দুৰ্ঘটনাস্থলীত ৷

লগতে পঢ়ক:Employees dissent over work: স্বাধীনতা দিৱসতো কৰ্মৰত বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.