ETV Bharat / state

Road accident at Jonai : জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2

author img

By

Published : Mar 5, 2022, 10:26 AM IST

জোনাইৰ জামজিঙৰ আৰু ৰতকেৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু অট'ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুই মহিলা, সংকটজনক অৱস্থাত এজনক চিকিৎসালয়লৈ প্ৰেৰণ (Two person death in a road accident at Jonai) ৷

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2
জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2

জোনাই, ৫ মাৰ্চ : জামজিঙত অঘটন ৷ শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ জামজিঙত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । জোনাই অভিমুখে আহি থকা এখন ট্ৰাক আৰু এখন অট’ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ফলত থিতাতে নিহত হয় অট’খনত থকা দুই মহিলা আৰু আহত হয় এজন (Two person death in a road accident at Jonai) ৷

নিহত দুই মহিলা ডেকাপামৰ ডেকামিচিং কোম্পানী গাঁৱৰ অৰ্চনা পেগু (৪০) আৰু মিনতি পেগু (৪৫) বুলি জানিব পৰা গৈছে ৷ আনহাতে, আহত দিলীপ পেগুক অতি সংকটজনক অৱস্থাত প্ৰথমে ভৰ্তি কৰোৱা হয় ডেকাপাম ক্ষুদ্ৰ প্ৰাৰ্থমিক চিকিৎসালয়ত ৷ অৱশ্যে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় আহত পেগুক ৷ এই পথ দুৰ্ঘটনাত ভাঙি চুৰমাৰ হয় দুৰ্ঘটনাগ্ৰস্ত অট’খন ৷

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক আৰু অট’খনৰ নম্বৰ ক্ৰমে এ এছ ২২ চি ৮৫৩২ আৰু এ আৰ অ আই ডি ৮২৫৫ ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ উত্তেজিত একাংশ ৰাইজে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু জলন্ত ট্ৰাকখনৰ অৱশিষ্ট অংশ জুই নুমুৱাবলৈ সক্ষম হয় ।

আনহাতে, শুকুৰবাৰে নিশা জোনাই ৰতকেতৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতো সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Jonai) ৷ জানিব পৰা মতে, এখন বাইক আৰু অট’ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত আহত হয় দুয়োখন বাহনৰে চালক ৷ দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS-22 G-9143 ৷

লগতে পঢ়ক : Fire hits running car: শিৱসাগৰৰ ভটিয়াপাৰ ৰাজপথত চলন্ত বাহনত লাগিল জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.