ETV Bharat / state

International Womens Day : ধেমাজি জিলাত বৃদ্ধি পাইছে নাৰীকেন্দ্ৰিক অপৰাধমূলক ঘটনা

author img

By

Published : Mar 8, 2023, 2:03 PM IST

Updated : Mar 8, 2023, 2:59 PM IST

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোত নাৰীকেন্দ্ৰিক অপৰাধজনিত সমস্যাক লৈ উদ্বিগ্ন ধেমাজি জিলা পৰিয়াল পৰামৰ্শদাতা কেন্দ্ৰৰ অধ্যক্ষা তথা জিলা মহিলা সমিতিৰ সভানেত্ৰী নিৰমা বৰুৱা । ধেমাজিত ২০১০ চনৰ পৰা বৰ্তমানলৈকে ৰুজু হোৱা 4000 টা নাৰীজনিত অপৰাধমূলক ঘটনাৰ বিপৰীতে মাত্ৰ ২০০০ টা নিষ্পত্তি হোৱা বুলি তেওঁ প্ৰকাশ কৰে (International Womens Day 2023) ৷

Dhemaji
Dhemaji

ধেমাজিত নাৰীজনিত অপৰাধৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি

ধেমাজি, ৮ মাৰ্চ : আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Womens Day celebrated world wide) ৷ ৰাষ্ট্ৰ নিৰ্মাণত নাৰীৰ ভূমিকা অপৰিহাৰ্য ৷ নাৰীৰ অধিকাৰৰ প্ৰতি সজাগতা তথা সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয় (International Womens Day 2023) ৷ পিছে সমগ্ৰ দেশৰ লগতে ধেমাজি জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে নাৰীকেন্দ্ৰিক অপৰাধমূলক ঘটনা (womens centric crime increases in Dhemaji) ৷ ড্ৰাগছ, সুৰা আৰু জুৱাৰ অবাধ প্ৰচলনে বৃদ্ধি কৰিছে ঘৰুৱা হিংসা আৰু অপৰাধজনিত ঘটনা ৷

অৱক্ষয় ঘটিছে পুৰুষৰ সমানে নাৰীৰো ৷ নাৰীৰ সমান্তৰালভাৱে বহু পুৰুষো নিৰ্যাতনৰ বলি হৈছে ৷ সেয়ে নাৰীজনিত বিভিন্ন অপৰাধমূলক সমস্যাক লৈ বুধবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে ধেমাজি জিলা পৰিয়াল পৰামৰ্শদাতা কেন্দ্ৰৰ (Dhemaji District Family Counselling Centre) অধ্যক্ষা তথা ধেমাজি জিলা মহিলা সমিতিৰ সভানেত্ৰী নিৰমা বৰুৱাই (reaction on International women Day) ।

ধেমাজিত ২০১০ চনৰ পৰা বৰ্তমানলৈকে 4000 টা এনে অপৰাধমূলক ঘটনাৰ গোচৰ ৰুজু হৈছে ৷ ইয়াৰে মাত্ৰ ২০০০ টা নিষ্পত্তি হৈছে ৷ যোৱা ৬ মাহত ১৭৫ টা নাৰীজনিত অপৰাধমূলক গোচৰৰ ভিতৰত 50 টা গোচৰ নিষ্পত্তি হৈছে ৷ এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ভূমিকাকো সমালোচনা কৰে তেওঁ ৷ আৰক্ষী প্ৰশাসনে মহিলা সংগঠনসমূহক সহায় নকৰা বুলিও অভিযোগৰ উত্থাপন কৰে ৷ সেইদৰে বাল্যবিবাহৰ ফলত কমবয়সীয়া নাৰীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ ফলস্বৰূপে তেওঁলোকৰ সন্তানসকল মানসিক বিকাৰগ্ৰস্ত বা উদণ্ড স্বভাৱৰ হয় ৷ যাৰফলত তেনে যুৱক-যুৱতীসকলে অপৰাধজনিত ঘটনাৰ লগত জড়িত হৈ পৰে ৷

একেদৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণ কৰি বিলাসিতা কৰাৰ বাবেই বহু মহিলা বিপদত পৰাৰ লগতে পাৰিবাৰিক সংঘাতৰ সূত্ৰপাত ঘটে৷ ৷ শেহতীয়াকৈ সহজলভ্য টকাৰ বাবেই একাংশ নাৰীয়ে অনৈতিক কাৰ্যকলাপত লিপ্ত হ'বলৈ কুণ্ঠাবোধ নকৰে বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ সেয়ে নাৰী অধিকাৰ মানে কেৱল এটা দিন নাৰীসকলৰ বাবে ধুমধামেৰে উদযাপন কৰিলেই সমস্যা সমাধান নহয় বুলি তেওঁ কয় ।

নাৰীক সামাজিক, আৰ্থিক সকলো দিশতে সুৰক্ষিত কৰাৰ বাবে প্ৰথমে নিজৰ ঘৰখনক স্খলিত হোৱাৰ পৰা ৰক্ষা কৰাৰ আহ্বান জনায় । লগতে এইক্ষেত্ৰত চৰকাৰ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, দল-সংগঠন সকলোৱে সজাগতা সৃষ্টি কৰিব লাগিব বুলি পৰিয়াল পৰামৰ্শদাতা কেন্দ্ৰৰ অধ্যক্ষাগৰাকীয়ে মন্তব্য কৰে ৷ তেতিয়াহে নাৰী নিৰ্যাতন তথা অপৰাধজনিত ঘটনা আৰু ঘৰুৱা হিংসা হ্ৰাস পাব বুলি নাৰী দিৱসৰ বিশেষ দিনটোত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ধেমাজি পৰিয়াল পৰামৰ্শদাতা কেন্দ্ৰৰ অধ্যক্ষা তথা জিলা মহিলা সমিতিৰ সভানেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :International Womens Day: নাৰী দিৱসত চাওক নাৰীৰ সাহসিকতাৰ পৰিচয় দিয়া এইকেইখন ছবি

Last Updated : Mar 8, 2023, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.