ETV Bharat / state

Propaganda against health officers: জোনাইত ভুৱা ফেচবুক একাউন্টৰ জৰিয়তে স্বাস্থ্য বিষয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ

author img

By

Published : Mar 25, 2023, 1:20 PM IST

ধেমাজিত চিকিৎসা বিষয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ লাইমেকুৰী উপ স্বাস্থ্য কেন্দ্ৰৰ তত্বাবধায়কৰ (Propaganda against health officers)। ধেমাজি জিলাৰ স্বাস্থ্য বিষয়াই তৰিলে গোচৰ ।

Propaganda through fake Facebook account in Dhemaji
দুষ্ট চক্ৰৰ ভুৱা ফেচবুক একাউন্ট অপপ্ৰচাৰ

দুষ্ট চক্ৰৰ ভুৱা ফেচবুক একাউন্ট অপপ্ৰচাৰ

জোনাই,২৫ মাৰ্চ: ধেমাজি জিলাত দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউন্ট যোগে সামাজিক মাধ্য়মত বিভিন্ন অপপ্ৰচাৰ চলাই আহিছে (Propaganda through fake Facebook account in Dhemaji)। এই চক্ৰটোৱে অসামাজিক কাৰ্যকলাপ চলাই থকাৰ মাজতেই এইবাৰ ভুৱা ফেচবুক একাউন্টৰ জৰিয়তে এগৰাকী চিকিৎসা বিষয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আৰক্ষীৰ জালত পৰিল লাইমেকুৰী উপ-স্বাস্থ্য কেন্দ্ৰৰ তত্বাবধায়ক দীগেন পেগু ।

উল্লেখ্য় যে ধেমাজি জিলাৰ মুখ্য চিকিৎসক তথা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানৰ বিৰুদ্ধে ভুৱা ফেচবুক একাউন্টৰ জৰিয়তে অপপ্ৰচাৰ চলাইছিল (Propaganda against health officers through fake Facebook accounts)। এই সামাজিক মাধ্যমৰ জৰিয়তে ধেমাজি জিলাৰ স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হয় এটা চক্ৰই । জোনাইৰ নিবাসী ধেমাজি জিলাৰ স্বাস্থ্য বিষয়া ডাঃকিশোৰ কুমাৰ কামানৰ এই বিষয়টো দৃষ্টিগোচৰ হোৱাত তেওঁ ক্ষুব্ধ হৈ পৰে ।

জানিব পৰা মতে, দীৰ্ঘ দিনৰ পৰা প্ৰীতম বৰা নামেৰে দুষ্টচক্ৰই এটা ভুৱা ফেচবুক একাউন্ট খুলি স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানৰ বিৰুদ্ধে মিছা আৰু কিছুমান ভিত্তিহীন কথা লিখি Jonai Today নামৰ এটা ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰে । উপায়হীন ভুক্তভোগী চিকিৎসকগৰাকীয়ে এই সন্দৰ্ভত জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিতেই জোনাই আৰক্ষীয়ে অভিযান চলায় । শুক্ৰবাৰে জোনাই আৰক্ষীয়ে দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ অনুসন্ধানৰ পিছতেই ধৃত দুষ্কৃতিকাৰীটো জোনাই লাইমেকুৰী গাঁৱৰ নিবাসী তথা লাইমেকুৰী উপ-স্বাস্থ্য কেন্দ্ৰৰ তত্বাবধায়ক দীগেন পেগু বুলি নিশ্চিত হয় । আৰক্ষীয়ে লাইমেকুৰী উপ-স্বাস্থ্য কেন্দ্ৰৰ তত্বাবধায়ক দীগেন পেগুক এই সন্দৰ্ভত উপৰ্যুপৰি প্ৰশ্ন কৰাত তেওঁ পুৰণি ব্যক্তিগত আক্ৰোশৰ বাবেই স্বাস্থ্য বিষয়াগৰাকীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি স্বীকাৰ কৰে । অৱশ্যে মানৱীয়তাৰ খাতিৰত ধেমাজি জিলাৰ স্বাস্থ্য বিষয়াগৰাকীয়ে পেগুক ক্ষমা কৰি দিয়ে ।

লগতে পঢ়ক:Fraud Doctor in Lakhimpur: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভুৱা চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.