ETV Bharat / state

Workshop on Mushroom Cultivation: চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত কাঠফুলা খেতিৰ এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী

author img

By

Published : Feb 16, 2023, 9:26 PM IST

Updated : Feb 16, 2023, 10:19 PM IST

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত হয় কাঠফুলা খেতিৰ এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী (Mushroom farming) ৷ এই কাৰ্যসূচীত কাঠফুলাৰ উপকাৰিতা, বিভিন্নধৰণৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ তথা বিষাক্ত কাঠফুলাৰ চিনাক্তকৰণ সন্দৰ্ভত আলোচনা কৰা হয় ৷ সম্প্ৰতি কাঠফুলা খেতি এক লাভজনক ব্যৱসায় হিচাবে বিবেচিত হৈছে ৷

Workshop on Mushroom Cultivation
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত কাঠফুলা খেতিৰ এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী

নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰী: চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ সহযোগত এদিনীয়া কাঠফুলা খেতিৰ প্ৰশিক্ষণ (Mushroom cultivation) কাৰ্যসূচী সুকলমে সম্পন্ন হয় । এই কাৰ্যসূচীত বিশেষজ্ঞ অভিলাষা কৌশিক বৰঠাকুৰে কাঠফুলা খেতিৰ পৰা আৰম্ভ কৰি কাঠফুলাৰ উপকাৰিতা, বিভিন্নধৰণৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ তথা বিষাক্ত কাঠফুলাৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ইত্যাদি বিষয়ৰ ওপৰত আলোচনা কৰে ।

আনহাতে উদ্যমী কৃষক প্ৰসন্ন বৰায়ো কাঠফুলাৰ বাণিজ্যিক ব্যৱসায়ত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে (Mushroom cultivation in Assam) । কাৰ্যসূচীত নাৰীৰ আত্মসৱলীকৰণ আৰু স্ব-নিৰ্ভৰশীলতাৰ সম্পৰ্কত কাঠফুলা খেতিৰ ভূমিকাৰ বিষয়েও আলোচনা কৰা হয় (Training on mushroom cultivation) ।

ইয়াৰোপৰি, অসম কৃষি বিশ্ববিদ্যালয়ৰ (Assam Agriculture University) ছাত্ৰ-ছাত্ৰী আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ সহযোগত সমগ্ৰ প্ৰক্ৰিয়াটো সকলোৰে সন্মুখত প্ৰদৰ্শন কৰে । অনুষ্ঠানটোত অংশ লয় অঞ্চলটোৰ উদ্যমী মহিলাসকলেও উৎসাৰে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, কাঠফুলা খেতি (Mushroom farming) সম্প্ৰতি এক লাভজনক খেতি বা ব্যৱসায় হিচাবে বিবেচিত হৈ পৰিছে ৷ কাৰণ কাঠফুলা খেতিৰ জৰিয়তে ইতিমধ্যেই ৰাজ্যৰ বহু লোক স্বাৱলম্বী হৈছে ৷ বজাৰত কাঠফুলাৰ চাহিদা বৃদ্ধিয়ে বৰ্তমান কৃষকসকল কাঠফুলা খেতি কৰাৰ বাবে আগ্ৰহী কৰি তুলিছে ৷ অতি কম খৰচতে আৰু কম পৰিমাণৰ ঠাইতে এই খতি কৰিব পৰা যায় ৷ এই খেতি প্ৰণালীও অতি সহজ (Mushroom harvesting) ৷ কাঠফুলা খেতিৰ বাবে প্ৰয়োজন হোৱা ধান খেৰ, নৰা, কলপাত, কাঠৰ গুড়ি আদিও অতি সহজে উপলব্ধ হয় (Steps of mushroom farming) ৷ সেয়েহে যিকোনো লোকেই এই খেতি কৰি স্বাৱলম্বী হ’ব পাৰে ৷

গৱেষণা অনুসৰি কাঠফুলাত কাঠফুলাত উচ্চমানৰ প্ৰ’টিন পোৱা যায় ৷ অন্যান্য সেউজীয়া শাক-পাচলিতকৈ কাঠফুলাত থকা প্ৰ’টিনৰ পৰিমাণ বেছি ৷ সম্প্ৰতি ভাৰতত তিনিটা জাতৰ কাঠফুলা খেতি কৰা হয় ৷ সেয়া হ’ল, হোৱাইট বুটন মাশ্বৰুম, পেডি ষ্ট্ৰ মাশ্বৰুম আৰু অষ্টাৰ মাশ্বৰুম ৷

মহাবিদ্যালয়খনৰে পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ পাৰ্থ দত্তই আঁতধৰা কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়া, অঞ্চলটোৰ উদ্যমী কাঠফুলা কৃষক প্ৰসন্ন বৰা, কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ উদ্ভিদ সুৰক্ষা বিভাগৰ বিশেষজ্ঞ অভিলাষা কৌশিক বৰঠাকুৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ RAWEP কাৰ্যক্ৰমৰ ধেমাজি গোটৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ (Silapathar Science college) ছাত্ৰ-ছাত্ৰীসকল আৰু অঞ্চলটোৰ কেইগৰাকীমান উদ্যমী মহিলাও উপস্থিত থাকে ।

লগতে পঢ়ক: Assam NRC Corruption: সঁচাকৈয়ে প্ৰতীক হাজেলাৰ পৰা মাহিলী 16 লাখ কৈ লৈছিল নেকি সমুজ্জ্বল ভট্টাচাৰ্যই !

Last Updated : Feb 16, 2023, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.