ETV Bharat / state

দুৰ্ঘটনাত পতিত তেলভৰ্তি ট্ৰাক: তেলৰ গোন্ধত থাকিব নোৱাৰা হৈছে ৰাইজ

author img

By

Published : Jul 4, 2022, 10:24 PM IST

জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 18 জুনতে দুৰ্ঘটনাত পতিত হৈছিল এখন তেল জাতীয় পদাৰ্থ ভৰ্তি ট্ৰাক(After a Road accident local people get harass in Jonai) ৷ দুৰ্ঘটনাৰ পাছৰে পৰা তেলৰ গোন্ধত থাকিব নোৱাৰা হৈছে স্থানীয় লোক ৷ বন্ধ ব্যৱসায়-প্ৰতিষ্ঠান ৷

After a Road accident local people get harass in Jonai
তেলৰ গোন্ধত থাকিব নোৱাৰা হৈছে ৰাইজ

জোনাই, 4 জুলাই : জোনাই সদৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ গাতে লাগি থকা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সম্প্ৰতি এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে । বিগত 18 জুনৰ নিশা খেলপথাৰৰ সমীপতে এখন তেল জাতীয় পদাৰ্থ ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হৈছিল(Road Accident at Jonai) ৷ অৰুণাচলৰ পাচিঘাটৰ পৰা আহি‌ থকা সময়তে ট্ৰাকখন ৱাল ভাঙি খেলপথাৰত ভিতৰত সোমাই যায় ৷ এই দুৰ্ঘটনাত ট্ৰাকখনত থকা তেল জাতীয় বিষাক্ত পদাৰ্থবোৰ খেলপথাৰত নিগৰি বিয়পি পৰে ।

তেলৰ গোন্ধত থাকিব নোৱাৰা হৈছে ৰাইজ

সম্প্ৰতি খেলপথাৰৰ ঘাঁহ-বন শুকাই গৈছে । বিগত কেইদিনমানত উক্ত স্থানৰ পৰা নিৰ্গত হ’ব ধৰিছে দুৰ্গন্ধ ৷ দুৰ্গন্ধৰ ফলত অঞ্চলটোত থাকিব নোৱাৰা হৈছে কাষত থকা কেইবাটাও পৰিয়ালৰ লগতে ছাত্ৰাবাসৰ ছাত্ৰ-ছাত্ৰী তথা ব্যৱসায়ী । বিষাক্ত দুৰ্গন্ধময় পৰিৱেশত বিভিন্ন বেমাৰ আজাৰো হোৱাৰ আশংকা কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে । এই দুৰ্গন্ধময় পৰিৱেশৰ পৰা পৰিত্ৰাণ বিচাৰি স্থানীয় ৰাইজে জোনাই মহকুমাৰ মহকুমাধিপতিক সোমবাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Jonai Road Accident: জোনাইত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.