ETV Bharat / state

Mising Olympics : জোনাইৰ পবা খেলপথাৰত আৰম্ভ মিচিং অলিম্পিক

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 2:17 PM IST

TMPK in Jonai
ব্যতিক্ৰমী পদক্ষেপ টি এম পি কেৰ

মিচিং জাতীয় ছাত্ৰ সংগঠন টি এম পি কেৰ উদ্যোগত আৰম্ভ মিচিং অলিম্পিক ৷ মিচিং জনজাতি অধ্যুষিত অঞ্চলৰ পৰা প্ৰতিভা সম্পন্ন যুৱক-যুৱতীক ক্ৰীড়া ক্ষেত্ৰত সহায় হোৱাকৈ এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে টি এম পি কেই ৷

ব্যতিক্ৰমী পদক্ষেপ টি এম পি কেৰ

জোনাই ,২৫ অক্টোবৰ: মিচিং জাতীয় ছাত্ৰ সংগঠন টি এম পি কেই এখন সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ় দিয়াৰ লক্ষ্যৰে মিচিং অধ্যুষিত গ্ৰামাঞ্চলৰ পৰা সুপ্ত ক্ৰীড়া প্ৰতিভা সম্পন্ন যুৱক-যুৱতীক ক্ৰীড়া ক্ষেত্ৰতখনত সহায় হোৱাকৈ কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে মিচিং অলিম্পিক । জোনাইৰ পবা খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে মিচিং অলিম্পিক । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা এই মিচিং অলিম্পিকৰ দ্বাৰ উদ্ধোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চায়েঙীয়াই ।

মিচিং টি এম পি কেৰ উদ্যোগত অনুষ্ঠিত এই মিচিং অলিম্পিকত ১৪ খন সাংগঠনিক জিলা সমিতিৰ পৰা সহস্ৰাধিক যুৱক যুৱতীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । ১৬ ৰ পৰা ১৯ বছৰ অনুৰ্ধ্বৰ উঠি অহা যুৱক যুৱতীয়ে এই মিচিং অলিম্পিকৰ জৰিয়তে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জাতিটোৰ লগতে নিজৰ সুনাম কঢ়িয়াই অনাৰ লক্ষ্যৰে মিচিং অলিম্পিকত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, লং জাম্প, হাই জাম্প, জেভলিন থ্ৰ', ডিছকাছ, আৰ্চাৰী, চুইমিং আদি খেলৰ লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰা কিছু খেল সংযোজন কৰি মুঠ ১৪ টা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ।

লগতে পঢ়ক: Mising Olympics at jonai: অক্টোবৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব মিচিং অলিম্পিক

মিচিং অলিম্পিকৰ আজিৰ এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ তথা এথলীট হিমা দাস, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু,কেবিনেট মন্ত্ৰী বিমল বড়া, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু আদিয়ে । প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মিচিং অলিম্পিকত প্ৰথম স্থান লাভ কৰা খেলুৱৈক নগদ ১ লাখ টকাৰে পুৰস্কৃত কৰা হ'ব ৷ এই বিষয়ে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চান পাংগিং আৰু ক্ৰীড়া সম্পাদক ৰাজীৱ দলেয়ে সদৰী কৰিছে ৷

লগতে পঢ়ক:Mising Olympics 2023: TMPKৰ উদ্যোগত আৰম্ভ ‘মিচিং অলিম্পিক’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.