ডিমৌ চি এফ চি গৃহত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গাঁওসভা, বিভিন্ন আঁচনিৰ সন্দৰ্ভত আলোচনা
Published: Nov 19, 2023, 7:12 PM

ডিমৌ চি এফ চি গৃহত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গাঁওসভা, বিভিন্ন আঁচনিৰ সন্দৰ্ভত আলোচনা
Published: Nov 19, 2023, 7:12 PM
ডিমৌ চি এফ চি গৃহত মিচিং স্বায়ত্তশাসিত পৰিষদৰ 8 নং চিলাসুঁতি সমষ্টিত এখন গাঁওসভা অনুষ্ঠিত হয় ৷ উক্ত সভাতে স্বায়ত্তশাসিত পৰিষদৰখনে আগন্তুক দিনত গ্ৰহণ কৰিব লগীয়া আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে ৷
জোনাই, 19 নৱেম্বৰ : ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমৌ চি এফ চি গৃহত মিচিং স্বায়ত্তশাসিত পৰিষদৰ 8 নং চিলাসুঁতি সমষ্টিত এখন গাঁওসভা অনুষ্ঠিত হয় ৷ শনিবাৰে অনুষ্ঠিত হোৱা সভাত 2024-25 বিত্তীয় বৰ্ষত পৰিষদখনে গ্ৰহণ কৰিব লগীয়া বিভিন্ন উন্নয়নমূলক আঁচনি আৰু বিভিন্ন হিতাধিকাৰী বাচনিৰ সন্দৰ্ভত পঞ্চায়ত ভিত্তিত সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ 8 নং সমষ্টিৰ সদস্য কনক দলেৰ আহ্বান মৰ্মে সভাৰ সভাপতিত্ব কৰে সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা গোপাল চুতীয়াই ৷
প্ৰায় ডেৰ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা গাঁওসভাতে চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱকান্ত পেগুৱে মিচিং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰিব লগা উন্নয়নমূলক আঁচনিসমুহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷ তদুপৰিও পঞ্চায়তৰ জৰিয়তে যাতে ৰাইজে চৰকাৰি আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে, লগতে চৰকাৰি আঁচনি সুবিধা লাভ কৰিবলৈ হ’লে ৰাইজে কৰিবলগীয়া কৰ্মসমূহৰ বিষয়ে ৰাইজক সজাগ কৰে ৷
উক্ত সভাত সন্মিলিত গণ শক্তিৰ ব্লক সমিতিৰ কাৰ্যকৰী সভাপতি ৰমা বৰুৱা, এম এম কেৰ চিলাপথাৰ জিলা সমিতিৰ সম্পাদক চিবিৰাম টাও, স্থানীয় সমাজ কৰ্মী দেৱানন্দ পাংগিং, প্ৰতিনাথ দাৰিক, ফনীধৰ দাৰিক, ডিমৌ চাৰিআলি মহাবিদ্যালয় অধ্যক্ষ ড৹ গজেন চন্দ্ৰ মিপুন, ডিমৌ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰকান্ত দিহিঙীয়া, ডিমৌ গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতি ধানেশ্বৰ বসুমতাৰী, ডিমৌ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা মালবিকা চুংক্ৰাং আদি উপস্থিতি আছিল ৷ আনহাতে উক্ত সভাতে পৰিষদৰ প্ৰতিনিধিৰ লগতে পঞ্চায়তৰ প্ৰতিনিধিসকলে পঞ্চায়তৰ আৰু পৰিষদ কাম কাজৰ সম্পৰ্কে ৰাইজৰ লগত মত বিনিময় কৰে ৷
