কংগ্ৰেছ মানেই অশান্তি, কংগ্ৰেছ মানেই আন্দোলন: ৰণোজ পেগু
Published: Nov 18, 2023, 8:25 PM

কংগ্ৰেছ মানেই অশান্তি, কংগ্ৰেছ মানেই আন্দোলন: ৰণোজ পেগু
Published: Nov 18, 2023, 8:25 PM
কংগ্ৰেছৰ দিনৰ অশান্তময় পৰিৱেশ এতিয়া নোহোৱা হ’ল ৷ উত্তৰ-পূৱত এতিয়া শান্তিময় পৰিৱেশে বিৰাজ কৰা বুলি বিজেপিৰ গণ সমাৱেশত মন্তব্য কৰে ৰণোজ পেগুৱে ৷
ধেমাজি, 18 নৱেম্বৰ : দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ ৷ বিজেপি মিত্ৰজোঁটে বিধানসভাৰ সমষ্টিভিত্তিক বিশাল জনসভাৰ জৰিয়তে আৰম্ভ কৰিছে প্ৰাক্ নিৰ্বাচনী কুচকাবাজ ৷ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চয়ো বজাইছে নিৰ্বাচনী ৰণডংকা ৷ শনিবাৰৰ দিনটোত গোগামুখত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল গণ সমাৱেশত হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰা দেখা পোৱা গ’ল ।
সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত ধেমাজি সমষ্টিত শনিবাৰে আয়োজন কৰা হয় এক বিশাল গণ সমাৱেশৰ । উক্ত গণ সমাৱেশত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে । ভাৰতীয় জনতা পাৰ্টীৰ গোগামুখ মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
লখিমপুৰ লোকসভা সমষ্টিৰ উন্নয়নৰ সম্পৰ্কে সাংসদ প্ৰদান বৰুৱাই বক্তব্য আগবঢ়াই কয় যে সমষ্টিটোৰ প্ৰতিটো দিশতে উন্নয়নৰ কাম সম্পন্ন হৈছে আৰু কৰি থকা হৈছে । দলৰ প্ৰশংসা কৰাৰ লগতে তেওঁ কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।
মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দহটা বছৰত কিমান উন্নয়ন হ’ল তাৰ খতিয়ান দাঙি ধৰাৰ বিপৰীতে কংগ্ৰেছ দল মানেই অশান্তি, আন্দোলন, কংগ্ৰেছৰ দিনত অসম বন্ধ হয় ইত্যাদি বিভিন্ন কথা কৈ এতিয়া আগৰ দৰে অসমত বোমা নুফুটে বুলি মন্তব্য কৰে ৷ উত্তৰ পূৰ্বাঞ্চলত পূৰ্বৰ অশান্তজৰ্জৰ পৰিস্থিতি আজি নাই বুলি দেশী-বিদেশী পৰ্যটকে নিৰ্ভয়ে ঘূৰি ফুৰে বুলি উল্লেখ কৰে৷ মন্ত্ৰীজনে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷
