লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা: কি কয় পৰীক্ষা নিৰীক্ষকে

author img

By

Published : Sep 14, 2022, 10:03 PM IST

লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা

ভিক্টৰ দাস নামৰ যুৱক এজনে ইতিপূৰ্বে ৰাজ্যজুৰি হৈ যোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাক কেন্দ্ৰ কৰি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা আন নিযুক্তি প্ৰক্ৰিয়া সমূহৰ সন্দৰ্ভতো বিভিন্ন অভিযোগ উল্থাপন হ'বলৈ আৰম্ভ কৰিছে ৷

ধেমাজি, 14 ছেপ্টেম্বৰ: লখিমপুৰ মেডিকেল কলেজৰ (Lakhimpur Medical College) চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত উকা OMR Sheet জমা দি এজন প্ৰাৰ্থী উত্তীৰ্ণ হোৱা বুলি বুলি আন এগৰাকী বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পাছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা

ধেমাজি পাব্লিক স্কুল (Dhemaji Public School) পৰীক্ষা কেন্দ্ৰত যোৱা 13 মাৰ্চত অনুষ্ঠিত হোৱা লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ সময়ত এজন পৰীক্ষাৰ্থীয়ে বহুসময় OMR Sheetত একো নিলিখাকৈ থকাত পিছৰ বেঞ্চত বহা এজন পৰীক্ষাৰ্থীয়ে নিৰীক্ষকক বিষয়টো আঙুলিয়াই দিছিল ৷

পিছত নিৰীক্ষকে বুজাই দিয়াত পৰীক্ষাৰ্থীজনে উকা OMR Sheet ত উত্তৰ লিখিবলৈ লৈছিল ৷ মনকৰিবলগীয়া যে শেহতীয়াকৈ ভিক্টৰ দাস নামৰ যুৱক এজনে ইতিপূৰ্বে ৰাজ্যজুৰি হৈ যোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাক কেন্দ্ৰ কৰি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা আন নিযুক্তি প্ৰক্ৰিয়া সমূহৰ সন্দৰ্ভতো বিভিন্ন অভিযোগ উল্থাপন হ'বলৈ আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগক লৈ সৰৱ বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.