ETV Bharat / state

বীৰ লাচিত বৰফুকনৰ বীৰ গাথাৰে মুখৰিত ৰাজ্যৰ চৌদিশ

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 8:42 AM IST

Updated : Nov 25, 2023, 4:47 PM IST

Lachit Divas Observed in Assam
ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰে লাচিত দিৱস

শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰে লাচিত দিৱস ৷ জোনাইৰ চিমেন চাপৰি, চিলাপথাৰ, তিনিচুকীয়া, মৰিগাঁও আৰু হোজাইতো উদযাপন কৰা হয় লাচিত দিৱস (Lachit Divas celebrates) ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰে লাচিত দিৱস

নিউজ ডেস্ক, 25 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে অসমীয়া জাতিৰ নায়ক বীৰ লাচিত বৰফুকনৰ 401 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ লাচিত দিৱসৰ লগতে সংগতি ৰাখি শুকুৰবাৰে বিভিন্ন দল সংগঠনে জাতিৰ নায়কগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷

জোনাইৰ চিমেন চাপৰিত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ উদ্যোগত বৃহত্তৰ চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত লাচিত বৰফুকনৰ 401 সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয় ৷ উক্ত অনুষ্ঠান উপস্থিত আছিল মন্ত্ৰী যোগেন মহন ৷

ধেমাজি জিলাৰ চিলাপথাৰতো ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা হয় লাচিত দিৱস ৷ উক্ত অনুষ্ঠানতে বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ উল্লেখ্য যে, অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ উদ্যোগত, বিভিন্ন অনুষ্ঠান আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত লাচিত দিৱসত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ উক্ত অনুষ্ঠান অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই ৷

একেদৰে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰতো লাচিত দিৱস উদযাপন কৰা হয় ৷ বীৰ লাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত উদযান কৰা হয় লাচিত দিৱস ৷ বীৰ লাচিতৰ 401 বছৰীয়া জন্ম জয়ন্তীতৰ লগত সংগতি ৰাখি খিলঞ্জীয়া জনজাগৰণ যাত্ৰা নামেৰে তিনিচুকীয়া চহৰখনৰ মাজেৰে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷

আনহাতে, মৰিগাঁও জিলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত শুকুৰবাৰে মৰিগাঁও আৰক্ষী চাউনীত দিনযোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰা হয় ৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও সদৰ বিহুতলিৰ পৰা আৰক্ষী চাউনী লৈ এক শোভাযাত্ৰা বাহিৰ কৰা হয় ।

হোজাই জিলাটো 401 সংখ্যক লাচিত দিৱস উদযাপন কৰে ৷ লংকাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ মাৰ্কেটিংঙত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ।

লগতে পঢ়ক : গুৱাহাটীৰ লাচিতঘাটত উদযাপন ৪০১ সংখ্যক লাচিত দিৱস

Last Updated :Nov 25, 2023, 4:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.