ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাইত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Nov 3, 2020, 7:29 PM IST

জোনাইত কৃষক মুক্তিৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উপস্থিত কেইবা শতাধিক লোক ৷

KMSS protest in Jonai against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাইত কৃষক মুক্তিৰ প্ৰতিবাদ

জোনাই, 3 নৱেম্বৰ : অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে জোনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । কৃষক মুক্তি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে জোনাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাইত কৃষক মুক্তিৰ প্ৰতিবাদ

আনহাতে, বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্যবৃদ্ধি হ্ৰাস কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায় ধ্বনিৰে প্ৰতিবাদকাৰীয়ে জোনাইৰ আকাশ বতাহ কঁপাই তোলে ৷ উল্লেখ্য যে, প্ৰতিবাদস্থলীত শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাকৰ্মীৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : অসম-মিজোৰাম প্ৰশাসনৰ মাজৰ বৈঠকৰ চুক্তিপত্ৰ জ্বলালে মিজো সংগঠনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.