ETV Bharat / state

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : May 19, 2021, 8:37 PM IST

জোনাই মহকুমাৰ বানাক্ৰান্ত বাহিৰ জোনাই লুহিজান পঞ্চায়তৰ লুহিজানৰ পৰা বেৰাঘাটলৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ কোটি টকীয়া গড়কাপ্তানি বিভাগৰ পথছোৱাৰ নিৰ্মাণৰ বাবে জনৈক আগৰৱালা নামৰ এজন ঠিকাদাৰক আবণ্টন দিছে । কিন্তু ঠিকাদাৰ গৰাকীয়ে নিজে কামটো কৰাৰ বিপৰীতে অন্য এজন উপ-ঠিকাদাৰ হতুৱাই পথছোৱা অতি নিম্নমানেৰে নিৰ্মাণৰ কাম কৰাক লৈ এতিয়া আছুৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

জোনাই, ১৮ মে': ধেমাজি জিলাৰ জোনাই মহকুমাৰ লুহিজানৰ পৰা বেৰাঘাটলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ গড়কাপ্তানি বিভাগৰ পকী পথটো সংশ্লিষ্ট বিভাগৰ অভিযন্তা-কনিষ্ঠ অভিযন্তা আৰু অসাধু ঠিকাদাৰে মিলি দূৰ্নীতিপূৰ্ণ মানসিকতাৰে অতি নিম্নমানে নিৰ্মাণ কৰাক লৈ আছুৰ লগতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে, জোনাই মহকুমাৰ বানাক্ৰান্ত বাহিৰ জোনাই লুহিজান পঞ্চায়তৰ লুহিজানৰ পৰা বেৰাঘাটলৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ কোটি টকীয়া গড়কাপ্তানি বিভাগৰ পথছোৱাৰ নিৰ্মাণৰ বাবে জনৈক আগৰৱালা নামৰ এজন ঠিকাদাৰক আবণ্টন দিছে । কিন্তু ঠিকাদাৰ গৰাকীয়ে নিজে কামটো কৰাৰ বিপৰীতে অন্য এজন উপ-ঠিকাদাৰ হতুৱাই পথছোৱা অতি নিম্নমানেৰে নিৰ্মাণৰ কাম কৰাক লৈ এতিয়া আছুৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

এনেদৰে গুৰুত্বপূৰ্ণ পথটো ঠিকাদাৰে নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই এফালৰ পৰা ব্লেকটপিং বোৰ চপৰা চপৰা এৰাই যোৱা দেখা গৈছে । ফলত সোমবাৰে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে গুৰুত্বপূৰ্ণ পথছোৱা পৰিদৰ্শন কৰি অসাধু ঠিকাদাৰ আৰু জোনাই উপ-সংমণ্ডল গড়কাপ্তানি বিভাগৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তাসকলে মিলি পথছোৱা নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলতে নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই ব্লেকটপিঙবোৰ উঠি যোৱা বুলি অভিযোগ কৰি তীব্ৰ ক্ষোভ প্ৰকাশৰ কৰে ।

তদুপৰি বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰঞ্জিত বসুমতাৰীয়ে পথছোৱাৰ নিৰ্মাণৰ সময়ত বিশেষকৈ ব্লেকটপিং কৰাৰ সময়ত বিভাগীয় অভিযন্তা-কনিষ্ঠ অভিযন্তা উপস্থিত নথকাৰ বাবেই অসাধু ঠিকাদাৰে মইমতালিৰে পথছোৱা নিম্নমানেৰে নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে আছুৱে ।

সম্প্ৰতি বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই লুহিজান আৰু বেৰাঘাট সংযোগী গড়কাপ্তানি পথছোৱা নিম্নমানেৰে নিৰ্মাণ কৰাৰ ওপৰত উচিত তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰাৰ লগতে অসাধু ঠিকাদাৰ গৰাকীক শীঘ্ৰে ব্লেক লিষ্টেড কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে । অন্যথা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিছে বিভাগীয় কৰ্তৃপক্ষক ।

আনহাতে, সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ৰণা আতংকৰ মাজত শিশু শ্ৰমিক আইন ভৰিৰে মোহাৰি জোনাইৰ লোহিজান গঢ়কাপ্তি পথ নিৰ্মাণত অসাধু ঠিকাদাৰৰ শিশু শ্ৰমিক নিয়োগ কৰাৰ লগতে ক’ৰণা আতংকৰ মাজতো শ্ৰমিক সকলৰ মাজত নাই সামাজিক দূৰত্ব মুখত নাই মাস্ক ৷

উল্লেখযোগ্য যে, মাত্ৰ কেইটামান টকা বেছিকৈ মুনাফা আদায় কৰাৰ বাবেই শ্ৰম বিভাগ, চৰকাৰ প্ৰশাসনক অন্ধকাৰত ৰাখি ঠিকাদাৰ জনে মেনেজ কৰি বে-আইনী ভাবে শিশু শ্ৰমিক নিয়োগ কৰি চলাই গৈছে নিজৰ কাম । উক্ত পথত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.