ETV Bharat / state

জোনাই ৰাজহ চক্ৰৰ লাট মণ্ডলৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ

author img

By

Published : Apr 3, 2022, 5:35 PM IST

জোনাই ৰাজহ চক্ৰৰ লাট মণ্ডলৰ বিৰুদ্ধে কেইবাটাও সংগঠনৰ ৷ মাটিৰ কাম কৰি দিয়াৰ নামত বিভিন্ন প্ৰলোভন দেখুৱাই প্ৰায় অৰ্ধশতাধিক লোকৰ প্ৰত্যেকজনৰ পৰা 7000 টকাকৈ দালালৰ জৰিয়তে সংগ্ৰহৰ অভিযোগ ৷ জোনাই ৰাজহ চক্ৰ বিষয়াক (Circle officer of Jonai Revenue circle) লিখিত অভিযোগ পত্ৰ দাখিলৰ পাছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন ৷

jonai-revenue-circles-lat-mandal-is-accused-of-taking-bribes
জোনাই ৰাজহ চক্ৰৰ লাট মণ্ডলৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ

জোনাই, ৩ এপ্ৰিল : ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত জোনাই ৰাজহ চক্ৰত লাট মণ্ডলে(Jonai Revenue Circle's Lat Mandal) উৎকোচ লোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে (Lat Mandal of Jonai is accused of taking bribes) । মহকুমাটোৰ চিগা পঞ্চায়তৰ কবুলা সমিতি, নিখিল বড়ো ছাত্ৰ সন্থা জোনাই আঞ্চলিক সমিতি, সদৌ অসম গোর্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি আৰু ইউনাইটেড বড়ো পিপ'লছ অৰ্গেনাইজেচনৰ জোনাই আঞ্চলিক সমিতিৰ নেতৃত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত বিভিন্ন দল সংগঠনৰ নেতৃত্বই কৰে এই অভিযোগ ।

জোনাই ৰাজহ চক্ৰৰ লাট মণ্ডলৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ

ৰাজহ চক্ৰৰ লাট মণ্ডল মঞ্জিল বৰাই(Jonai Revenue Circle's Lat Mandal ) পঞ্চায়তটোৰ প্ৰায় অৰ্ধশতাধিক লোকৰ পৰা মাটিৰ কাম কৰি দিয়াৰ নামত বিভিন্ন প্ৰলোভন দেখুৱাই প্ৰত্যেকজনৰ পৰা 7000 টকাকৈ দালালৰ জৰিয়তে সংগ্ৰহ কৰাৰ কথা অভিযোগ কৰিছে এইসকল লোকে ৷ তেওঁলোকে অভিযোগ কৰা অনুসৰি মঞ্জিল বৰাই জোনাই বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদিত চিগা পঞ্চায়তৰ কবুলা সমিতিৰ লগত কোনোধৰণৰ যোগাযোগ নৰখাকৈ দালালৰ জৰিয়তে গোপন বুজাবুজিৰ জৰিয়তে লৈছিল এই উৎকোচ ।

এই সন্দৰ্ভত ইতিমধ্যে ২৩ মাৰ্চ চিগা পঞ্চায়তৰ কবুলা সমিতিয়ে জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক এখন লিখিত অভিযোগ পত্ৰ প্ৰদান কৰিছিল ৷ কিন্তু আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই লাট মণ্ডল মঞ্জিল বৰাৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা নোলোৱাত গৰিহণা দিছে বিভিন্ন দল সংগঠনে । তেওঁলোকে লগতে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক অভিযুক্ত লাট মণ্ডল মঞ্জিল বৰাৰ ওপৰত দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক : দুষ্টচক্ৰৰ মূৰৰ কামোৰণি হৈ পৰিছে মৈৰাবাৰী আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.