ETV Bharat / state

জোনাইত গড়কাপ্তানী বিভাগৰ মৰণ ফান্দঃ পচা নাৱেৰে ৰাইজৰ বিপদ সংকুল নৌকাযাত্ৰা

author img

By

Published : Oct 2, 2019, 9:28 PM IST

পচা নাৱেৰে ৰাইজৰ বিপদ সংকুল নৌকাযাত্ৰা

প্ৰায় দহবছৰে গড়কাপ্তানী বিভাগৰ চৰম হেমাহিৰ ফলত বৰ্তমানো নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল জোনাই লুহিজান নৈৰ ওপৰৰ দলং | ইফালে নৈখনৰ ওপৰত বৰ্তমানলৈকে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰা অকৰ্মণ্য জোনাই গড়কাপ্তানী বিভাগে নৈখনৰ পাৰাপাৰৰ বাবে ৰাইজক যোগান দিছে এখন পচা নাও | শীঘ্ৰে জোনাইবাসীয়ে দলঙখন সম্পূৰ্ন কৰি মুকলি কৰিবলৈ বিভাগীয় কৃতপক্ষৰ ওচৰত দাবী জনাইছে ।

জোনাই, ২ অক্টোবৰঃ অসম চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ চৰম হেমাহিত বৰ্তমানো নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল জোনাই লুহিজান নৈৰ ওপৰৰ দলঙৰ ৷ যোৱা প্ৰায় দহবছৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ কৰা দলঙখন গড়কাপ্তানী বিভাগৰ দুৰ্বলতা তথা ঠিকাদাৰৰ গাফিলতিত সম্পূৰ্ণ হোৱা নাই নিৰ্মাণৰ কাম ৷ ফলত নৈখনৰ সিপাৰে থকা ১৫-২০ খন গাঁৱৰ ৰাইজৰ লগতে শ শ ছাত্ৰ-ছাত্ৰীয়ে দৈনিক জোনাই সদৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে এক বিপদ সংকুল নৌকা যাত্ৰাৰে ৷

নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল জোনাই লুহিজান নৈৰ ওপৰৰ দলং


ইফালে নৈখনৰ ওপৰত বৰ্তমানলৈকে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰা অকৰ্মণ্য জোনাই গড়কাপ্তানী বিভাগে নৈখনৰ দুয়ো পাৰৰ বাবে ৰাইজক যোগান দিছে এখন পচা নাও ৷ কেৱল পচাই নহয় নাওখনৰ কেইবা ঠাইতো কাঠৰ টুকুৰাৰে মাৰিছে টাপলি ৷ এনে পচা নাৱেৰে অঞ্চলটোৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যৎ গঢ়াৰ লক্ষ্যৰে বিপদকো নেওচি দৈনিক যাতায়ত অব্যাহত ৰাখিছে জোনাই সদৰৰ স্কুল কলেজসমূহলৈ ৷ আনহাতে ইমানৰ পিছতো জোনাই মহকুমা প্ৰশাসন অথবা বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাই কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়ে শীঘ্ৰে দলঙখনৰ নিৰ্মান সম্পূৰ্ন কৰি মুকলি কৰিবলৈ বিভাগীয় কৃতপক্ষৰ ওচৰত দাবী জনাইছে অঞ্চলবাসীয়ে ।

আৰু পঢ়কঃ পূৰ্ৱতকৈও কঠিন ৰূপত আহিব নাগৰিকত্ব সংশোধনী বিধেয়ক !!

Intro:Body:জোনাইৰ লুহিজান নদীৰ ওপৰত গড়কাপ্তানী বিভাগে পাতিছে মানুহৰ মৰণৰ ফান্দ


জোনাই ২ অক্টোবৰ

অসম চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ চৰম হেমাহিত আজিও নিৰ্মাণৰ কাম সম্পূৰ্ণ নহল জোনাই লুহিজান নদীৰ ওপৰৰ দলং| যোৱা প্ৰায় দহবছৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ কৰা দলংখন গড়কাপ্তানী বিভাগৰ দুৰ্বলতা তথা ঠিকাদাৰৰ গাফিলতিত আজিও সম্পূৰ্ণ নহল নিৰ্মাণৰ কাম | ফলত নদীখনৰ সিপাৰে থকা ১৫-২০ খন গাঁৱৰ ৰাইজৰ লগতে শ শ ছাত্ৰ ছাত্ৰীয়ে দৈনিক জোনাই সদৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে এক বিপদসংকুল যাত্ৰাৰে|


ইফালে যে নদীখনৰ ওপৰত আজিলৈ দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰা অকৰ্মণ্য জোনাই গড়কাপ্তানী বিভাগে নদীখনত পাতিছে মানুহৰ বাবে এক মৰণৰ ফান্দহে| গড়কাপ্তানী বিভাগে নদীখনৰ পাৰাপাৰৰ বাবে ৰাইজক যোগান দিছে এখন পচা নাওঁ | পচাই নহয় নাওঁ খনৰ কেইবাঠাইতো কাঠৰ টুকুৰাৰে মাৰিছে টাপলিও| প্ৰতি মূহূৰ্ততে নাওঁ খনত সোমাই পানী| এনে পচা নাওঁ খনেৰে অঞ্চলটোৰ  শ শ ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত গঢ়াৰ লক্ষ্যৰে বিপদকো নেওচি বিপদ সংকুল যাত্ৰাৰে দৈনিক যায় জোনাই সাদৰৰ স্কুল কলেজসমূহলৈ |


কিন্তু ইমানৰ পিছতো জোনাই মহকুমা প্ৰশাসন কিম্বা বিধায়ক ভূৱন পেগুৰ আৰু সাংসদ প্ৰদান বৰুৱাৰ কোনোধৰনৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহল| উল্লেখ্য যে জোনাই নদী ওপৰত পকী দলং নিৰ্মান কৰা হৈছে যদিও ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ গাফিলতিৰ ফলত আজি পৰ্য্যন্ত সম্পূৰ্ন নোহোৱাত বাহিৰ জোনাই ৰাইজে অতি শীঘ্ৰে দলং দুখন সম্পূৰ্ন কৰি মুকলি কৰি দিবলৈ বিভাগীয় কৃতপক্ষৰ ওচৰত দাবী জনাইছে।

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.