ETV Bharat / state

21ত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ আনিব লাগিব : ভূৱন পেগু

author img

By

Published : Nov 7, 2020, 9:58 AM IST

21 ত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ আনিব লাগিব : ভূৱন পেগু
21 ত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ আনিব লাগিব : ভূৱন পেগু

ধেমাজিত সন্মিলিত গণশক্তি দলৰ যোগদান সভা ৷ ডিমৌ অঞ্চলৰ ডেম গাঁও আৰু ডিমৌ গাঁৱৰ প্ৰায় দুকুৰিৰো অধিক কংগ্ৰেছ সদস্যৰ সন্মিলিত গণশক্তি দলত যোগদান ৷ 21ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক উৎখাত কৰি পুনৰ মিত্ৰজোঁটৰ চৰকাৰক শাসনত অধিষ্ঠিত কৰিব লাগিব বুলি মন্তব্য বিধায়ক ভূৱন পেগুৰ ৷

ধেমাজি, 7 নৱেম্বৰ: 2021ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দিছপুৰৰ গাদী দখলৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিভিন্ন দলৰ যোগদান সভা ৷ শুকুৰবাৰে ধেমাজি জিলাৰ জোনাইত অনুষ্ঠিত সন্মিলিত গণশক্তি দলৰ এখন যোগদান সভাত উপস্থিত থাকি বিধায়ক ভূৱন পেগুৱে মন্তব্য কৰে যে 21ৰ নিৰ্বাচনত সকলোৱে মিলি কংগ্ৰেছ আৰু এ আই ইউ ডি এফক অসমৰ পৰা উৎখাত কৰি পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰক শাসনত অধিষ্ঠিত কৰ্ব লাগিব ৷

ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ গাঁও পঞ্চায়ৰ ডিমৌ চাৰিআলিত অনুষ্ঠিত হোৱা সন্মিলিত গণশক্তি দলৰ যোগদান সভাত উপস্থিত থাকি জোনাই বিধানসভা সমষ্টিৰ বিধায়ক গৰাকীয়ে এই মন্তব্য কৰে ৷ উক্ত যোগদান সভাত ডিমৌ অঞ্চলৰ ডেম গাঁও আৰু ডিমৌ গাঁৱৰ পৰা প্ৰায় দুকুৰিৰো অধিক কংগ্ৰেছ সদস্যই সন্মিলিত গণশক্তি দলত যোগদান কৰে ৷
লগতে পঢ়ক: পাকিস্তান জিন্দাবাদ ধ্বনিঃ প্ৰতিক্ৰিয়া বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.