ETV Bharat / state

জোনাইত 7 খন অবৈধ গৰুভৰ্তি বাহন জব্দ

author img

By

Published : Nov 5, 2020, 10:21 PM IST

Illegal cow seized in Jonai
জোনাইত 7 খন অবৈধ গৰুভৰ্তি বাহন জব্দ

বুধবাৰে নিশা জোনাইত অবৈধ গৰু কঢ়িয়াই নিয়া 7 খন পিক আপ ভান জব্দ কৰে জোনাই আৰক্ষীৰ ৷ অৰুণাচল পৰা চিলাপথাৰলৈ সৰবৰাহ কৰি নিয়াৰ সময়তে জব্দ কৰা হয় বাহনকেইখন ৷

জোনাই,5 নৱেম্বৰ : জোনাইত বুধবাৰে নিশা অবৈধ গৰু কঢ়িয়াই নিয়া 7 খন পিক আপ ভান জব্দ কৰে জোনাই মহকুমা আৰক্ষীয়ে । লগতে 1 লাখ 14 হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰে পৰিবহণ বিভাগে ৷

অৰুণাচল পৰা চিলাপথাৰলৈ সৰবৰাহ কৰি নিয়াৰ সময়তে বলেৰ’ পিক আপ বাহন কেইখন জব্দ কৰে জোনাই আৰক্ষীয়ে ৷ 7 খন বলেৰ’ পিক আপ বাহনত 42 টা গৰু অবৈধভাৱে নি থকাৰ সময়তে বাহনকেইখন আৰক্ষীয়ে জব্দ কৰি জোনাই থানালৈ লৈ যায় ৷ ইয়াৰ পাচতে আৰক্ষীয়ে ধেমাজি জিলা পৰিবহণ বিভাগক খবৰ দিয়াত জিলা পৰিবহণ বিভাগে জব্দকৃত বাহন কেইখনৰ পৰা জৰিমনা সংগ্ৰহ কৰে ৷

Illegal cow seized in Jonai
জোনাইত 7 খন অবৈধ গৰুভৰ্তি বাহন জব্দ

নীতি বৰ্হিভূতভাৱে গৰু কঢ়িয়াই অনা প্ৰতিখন বাহনৰ পৰা প্ৰায় 16 হাজাৰ টকাকৈ মুঠ 1 লাখ 14 হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰে পৰিবহণ বিভাগে । আনহাতে গৰুবোৰ আৰক্ষীয়ে জোনাই পশু চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰি গৰু ব্যৱসায়ী সকলক নিজৰ নিজৰ জিম্মাত ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে।

লগতে পঢ়ক : ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.