ETV Bharat / state

বাণিজ্য মেলাস্থলীত জুৱা খেলক লৈ ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:37 PM IST

মাজুলীত বাণিজ্য মেলাৰ স্থানত জুৱা খেলৰ অভিযোগ ৷ নিৰ্লিপ্ত ভূমিকাত প্ৰশাসন ৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ ক্ষোভ প্ৰকাশ ৷

Gambling at Dhemaji trade fairs
বাণিজ্য মেলাস্থলীত জুৱা খেলক লৈ ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ

বাণিজ্য মেলাস্থলীত জুৱা খেলক লৈ ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ

মাজুলী, 17 নৱেম্বৰ: মাজুলীত বাণিজ্য মেলাৰ নামত অনৈতিক কাম চলাৰ অভিযোগ স্থানীয় লোকৰ ৷ বাণিজ্য মেলাৰ নামত জুৱা খেলৰ মুকলি পৰিৱেশ সৃষ্টি হোৱা বুলি অভিযোগ উঠিছে । এই জুৱা খেলস্থলীতে অজস্ৰজনৰ ভিৰ লগা পৰিলক্ষিত হৈছে । বাণিজ্য মেলাস্থলীত এনেদৰে মুকলিকৈ জুৱা খেল অনুষ্ঠিত কৰাক লৈ মাজুলীৰ সৰ্বস্তৰত প্ৰতিক্ৰিয়াৰ হোৱা দেখিবলৈ পোৱা গৈছে ।

আনকি সংবাদ কৰ্মীক ইয়াৰ ফুটেজ সংগ্ৰহ কৰিবলৈ যোৱাৰ ক্ষেত্ৰতো বাধা দিয়া বুলি অভিযোগ উত্থাপন হৈছে । কাৰ ছত্ৰছায়াত আৰক্ষীক বুঢ়া আঙুলি দি এই আয়োজন চলিছে বুলিও প্ৰশ্ন উত্থাপিত হৈছে ৷ উল্লেখ্য যে, প্ৰতি বছৰে মাজুলীৰ আধ্যাত্মিক অনুষ্ঠানৰ সময়ত মাজুলীৰ বাহিৰৰ একাংশ অসাধু বেপাৰীয়ে মাজুলীত এই মেলাৰ আয়োজন কৰি জুৱাৰ দৰে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে । অৱশ্যে সমগ্ৰ ঘটনা দেখিও নীৰৱ ভূমিকা লোৱাৰ অভিযোগ উঠিছে জিলা প্ৰশাসনৰ বিৰুদ্ধে ।

মাজুলীৰ আধ্যাত্মিক অনুষ্ঠানত অবৈধ কাৰ্যকলাপ কৰাৰ ঘটনাক এতিয়া সচেতন মহলে গৰিহণা দিছে । মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই এই সন্দৰ্ভত কয়, "এনেদৰে জুৱা অনুষ্ঠিত কৰাটো সমাজৰ বাবে ক্ষতিকাৰক । এনেদৰে মুকলিকৈ জুৱা খেল অনুষ্ঠিত কৰিলে উঠি অহা প্ৰজন্ম ধ্বংসৰ গৰাহলৈ যাব । গতিকে এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ দিব নালাগে ।"

মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে মাজুলী জিলা প্ৰশাসনকো এনেকুৱা বাণিজ্য মেলা পতাৰ অনুমতি দিয়াৰ পূৰ্বে বাণিজ্য মেলাত কি কি বিষয় জড়িত থাকিব তাক ভালদৰে পৰীক্ষা কৰিহে অনুমতি প্ৰদান কাৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক: Murder case in Jonai: প্ৰেমজনিত কাৰণত জঘন্য হত্য়াকাণ্ড, হত্যাকাৰীক শীঘ্ৰে ফাঁচিৰ দাবী আত্মীয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.