বেদখলমুক্ত কবু চাপৰিত বন্যপ্ৰাণীৰ উল্লাস
Published: Nov 18, 2023, 8:53 PM

বেদখলমুক্ত কবু চাপৰিত বন্যপ্ৰাণীৰ উল্লাস
Published: Nov 18, 2023, 8:53 PM
এতিয়া তাত মানুহবোৰ নাই । জৰাজীৰ্ণ ঘৰবোৰত বাহৰ পাতিছে বন্যপ্ৰাণীয়ে । আলহী পক্ষীৰ কলৰৱত গুঞ্জৰিত কবু চাপৰি । এক প্ৰতিবেদন ।
জোনাই,১৮ নৱেম্বৰ: মানুহবোৰ নোহোৱা হ'ল, প্ৰকৃতি মুকলি হ'ল, বন্যপ্ৰাণীয়ে ঘুৰাই পালে বিচৰণস্থলী, কবু চাপৰিত প্ৰকৃতিৰ জয়গান । এবাৰ চাওক এই পৰিৱেশ । শান্তিৰ উশাহ লৈ মুক্তমনে উপভোগ কৰিব পাৰিব প্ৰকৃতিৰ মনোমোহা পৰিৱেশ । যেন গঢ়িছে এখন নতুন পৃথিৱী । জোনাইৰ কবু চাপৰি এতিয়া সম্পূৰ্ণ বেদখলমুক্ত ৷ জীৱশ্ৰেষ্ঠবিহীন কবু চাপৰিত মুক্তমনে চৰিছে বন্যপ্ৰাণী ।
চেকুৰিছে বন ঘোঁৰাই, নিৰিবিলি পৰিৱেশত গীত গাইছে পৰিভ্ৰমী পক্ষীয়ে, চিয়াং নদীত মৎস চিকাৰ বগলীৰ । মুঠৰ ওপৰত বন্যপ্ৰাণীৰ উল্লাসত মুখৰিত হৈ পৰিছে কবু চাপৰি । যোৱা প্ৰায় ৪-৫ দশক ধৰি অবৈধভাৱে মানুহৰ জনবসতি আৰু অবাধ বন ধ্বংসৰ ফলত কবু চাপৰিৰ পৰা লুপ্ত হৈ পৰিছিল বিভিন্ন প্ৰজাতিৰ চৰাই, বনৰীয়া ঘোঁৰাকে আদি কৰি বন্যপ্ৰাণীসমূহ ।
কিন্তু উত্তৰ দিশত পবা সংৰক্ষিত বনাঞ্চলক, অৰুণাচল প্ৰদেশৰ দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য আৰু দক্ষিণে অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ কৰা এই কবু চাপৰিত অলপতে বন বিভাগে অবৈধভাৱে দখল কৰি থকা লোকসকলক উচ্ছেদ চলাই বেদখল মুক্ত কৰিছিল । তাৰপাছৰে পৰা জনশূন্য কবু চাপৰিত উচ্ছেদিত লোকসকলৰ বাসগৃহত বাহৰ পাতে বন্যপ্ৰাণীয়ে আৰু এতিয়া জনশূন্য কবু চাপৰিত কেৱল শুনা যায় আলহী পক্ষীৰ কলৰৱ, দেখা যায় বন্যপ্ৰাণীৰ আনন্দ-উল্লাস । মাথো চৰকাৰ আৰু বন বিভাগৰ সদিচ্ছা লাগে ইয়াক সংৰক্ষণৰ বাবে ৷ প্ৰয়োজন এটা বন শিৱিৰৰ ।
চিয়াং নদীৰ সোমাজতে থকা নদীদ্বীপ কবু চাপৰিলৈ নাওঁ ভাড়াত লৈ দৈনিক বনকৰ্মীয়ে কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱালৈ চাই কবু চাপৰিত অনতি পলমে স্থায়ী বন শিৱিৰ স্থাপন কৰি ইয়াক বন্যপ্ৰাণীৰ আৱস ভূমিলৈ পৰিণত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে জোনাইৰ প্ৰকৃতি প্ৰেমী ৰাইজে ৷ এনেকৈয়ে চিৰসেউজ হৈ থাকক কবু চাপৰি, তাৰেই কামনা কৰিছে সকলোৱে ।
