ETV Bharat / state

জোনাইত ভদীয়া বানৰ তাণ্ডৱ

author img

By

Published : Sep 6, 2022, 10:28 AM IST

jonai
jonai

জোনাইৰ শিৱগুৰিত চিয়াং নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে অর্ধ শতাধিক পৰিয়ালৰ ঘৰবাৰী, কৃষি-ভূমি । যোৱা ৩-৪ দিনে দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং নদীৰ বাঢ়নি পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলাইছে জোনাই ৰাজহ চক্র তথা চিলে পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰি (Flood in Jonai Dhemaji) ।

জোনাই, ৬ ছেপ্টেম্বৰ : ৰাজ্যত চলিত বৰ্ষৰ দ্বিতীয়টো বানে প্ৰায় আটাইকেইখন জিলাকে ক্ষতিগ্ৰস্ত কৰি গৈছে (Assam flood 2022) । উজনি-নামনি, পাহাৰ-ভৈয়াম সকলোতে বানৰ ফলত বিস্তৰ ক্ষতি । বিধ্বস্ত ঘৰ-বাৰী, ৰাস্তা-ঘাট, অনুষ্ঠান-প্ৰতিষ্ঠান । খেতিপথাৰৰো অৱস্থা তথৈবচ (Flood affected Assam badly) । ইতিমধ্যে ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিয়াৰ কাম আৰম্ভ কৰিছে যদিও এতিয়াও সম্পূৰ্ণৰূপে স্বাভাৱিক হোৱা নাই জীৱন-যাত্ৰা । মেৰামতি বা পুনৰ নিৰ্মাণ হোৱা নাই ৰাস্তা-ঘাট, মথাউৰি আদি (Assam Govt relief to flood affected people) ।

তাৰ মাজতে এইবাৰ আকৌ ধেমাজি জিলাৰ জোনাইত ভদীয়া বানৰ তাণ্ডৱ । জোনাইৰ শিৱগুৰিত অবর্ণনীয় বান পৰিস্থিতি । কেউপিনে মাথোঁ পানী আৰু পানী (Flood in Jonai Dhemaji) । শিৱগুৰি গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে বুৰ গৈ আছে পানীৰ তলত । যোৱা প্ৰায় চাৰিদিনে বানপানীৰ কবলত পৰি সম্পূৰ্ণৰূপে জলবন্দী হৈ আছে শিৱগুৰিৰ অৰ্ধশতাধিক পৰিয়াল ।

জোনাইত ভদীয়া বানৰ তাণ্ডৱ

খাদ্য, বিশুদ্ধ খোৱাপানী আদিৰ সংকটত ভুগি হাহাকাৰৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত (flood affected people lack of drinking water) । অকল মানুহেই নহয়, পশুধনৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । যোৱা ৩-৪ দিনে দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং নদীৰ বাঢ়নি পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলাইছে জোনাই ৰাজহ চক্র তথা চিলে পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰি ।

চিয়াং নদীৰ বাঢ়নি পানীয়ে যোৱা ৪ দিন ধৰি মানুহৰ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ আদি সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত আজি ৪ দিনে জলবন্দী হৈ আছে অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজ (Flood hit Jonai)। ফলত বানাক্ৰান্ত ৰাইজৰ মাজত সৃষ্টি হৈছে খাদ্য, খোৱাপানী আদিৰ অভাৱত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ । ইফালে মানুহৰ সমান্তৰালকৈ পশুধনৰ মাজতো বাসস্থান আৰু খাদ্য সংকটে দেখা দিছে ।

জানিব পৰা মতে, চিয়াং নদীৰ বাঢ়নি পানীত উটি গৈছে গাঁওখনৰ বহুকেইটা গৰু, ছাগলী, গাহৰি, কুকুৰা আদি । পানীত উটি গৈ মৃত্যু হৈছে বহু পশুধনৰ । পশুধনক ৰাখিবলৈ এডোখৰ ওখ স্থান নথকাত পশুধনক পানীৰ মাজতে এৰি বানাক্ৰান্ত ৰাইজে চেষ্টা কৰিছে নিজৰ আৰু পৰিয়ালৰ জীৱন ৰক্ষাৰ বাবে। ইফালে জোনাই মহকুমা প্রশাসনে সোমবাৰে জোনাইৰ শিৱগুৰিৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বুজ লয় বানাক্ৰান্ত ৰাইজৰ ।

লগতে পঢ়ক :এটি শিশুক বচাবলৈ গৈ একে পৰিয়ালৰ চাৰিজনৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.