এটি শিশুক বচাবলৈ গৈ একে পৰিয়ালৰ চাৰিজনৰ কৰুণ মৃত্যু

By

Published : Sep 5, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

নিজ পিতৃ-মাতৃৰ সমান হ’ব কোন ! হাইলাকান্দি জিলাত নিজ চাৰি বছৰীয়া সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে মাতৃ-পিতৃসহ আত্মীয়ই ৷ বিদ্যুত পৰিবাহী তাঁৰ ছিগি বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে চাৰিগৰাকী লোকে (Hailakandi tragic incident) ৷ ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱা হাইলাকান্দি জিলাৰ বিলাইপুৰ নামৰ গাঁৱত এটি চাৰিবছৰীয়া শিশুৱে খেলি থকাৰ সময়তে পথতে পৰি থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ কৰে ৷ তাৰ পিছতে শিশুটিক বচাবলৈ যাওঁতেই পিতৃ-মাতৃসহ এগৰাকী আত্মীয়ই থিতাতে মৃত্যুৰ মুখত পৰে (4 people died of election shock) ৷ ইফালে স্থানীয় লোকে এই শোকাৱহ ঘটনা বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৷ এই শোকাৱহ ঘটনাত দুখ প্ৰকাশ কৰি স্থানীয় বিধায়ক ছুজাম উদ্দিন লস্কৰে অতি শীঘ্ৰে তেওঁৰ সমষ্টিটোৰ সকলো বিদ্যুৎ সংযোগৰ তাঁৰকে ধৰি ভিন্ন আসোঁৱাহসমূহ দূৰ কৰিবলৈ আহ্বান জনায় ৷ লগতে বিদ্যুৎ বিভাগৰ মন্ত্ৰীকো এই সন্দৰ্ভত খৰতকীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে ৷ নহ’লে অনাগত দিনত জিলাখনত এন ঘটনাৰ পুনৰাবৃত্তি হোৱাটো বাঞ্চনীয় বুলি মন্তব্য প্ৰকাশ কৰে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.