ETV Bharat / state

Encroachers in Jonai Kobu Chapori: উচ্ছেদৰ পূৰ্বেই কবু চাপৰি এৰিছে বহু পৰিয়ালে

author img

By

Published : Jun 14, 2023, 6:56 PM IST

Updated : Jun 14, 2023, 7:03 PM IST

Encroachers in Jonai Kobu Chapori
কবু চাপৰি এৰিছে বহু পৰিয়ালে

উচ্ছেদৰ পূৰ্বেই টালি-টোপোলা বান্ধি পৰিয়ালক লৈ কবু চাপৰি এৰিছে বহু পৰিয়ালে ৷ নিজৰ ঘৰ-দুৱাৰ ভাঙি, পৰিয়ালক লৈ নতুন ঠিকনাৰ সন্ধানত ঢাপলি মেলিছে পৰিয়াসমূহে ৷

উচ্ছেদৰ পূৰ্বেই টালি-টোপোলা বান্ধি কবু চাপৰি এৰিছে বহু পৰিয়ালে

জোনাই, 14 জুন: 2 জুনত কবু চাপৰিত বছৰ বছৰ ধৰি বসবাস কৰা পৰিয়াল সমূহক শেষবাৰৰ বাবে জোনাই বনবিভাগ আৰু আৰক্ষীয়ে বেদখলমুক্ত কৰিবলৈ সকীয়াই দিয়াৰ পিছতেই এতিয়া কবু চাপৰিত বসবাস কৰা পৰিয়াল সমূহে চৰকাৰৰ উচ্ছেদৰ পূৰ্বেই আপোন ঘৰখন নিজেই ভাঙি, টালি-টোপোলা বান্ধি পৰিয়ালক লৈ বুধবাৰে পুৱা 6.30 বজাৰ পৰা ঢাপলি মেলিছে অন্য স্থানলৈ ৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত কবু চাপৰি বান-খহনীয়াত নিঃশেষ হোৱাৰ উপক্ৰম হোৱাৰ সময়তে চৰকাৰ-প্ৰশাসন সাৰ পাইছে কবু চাপৰিত অব্যাহত থকা বেদখল উচ্ছেদৰ বাবে ৷

বন বিভাগৰ জাননী পোৱাৰ পিছতে কবু চাপৰি বাসীৰ মাজত সৃষ্টি হয় হাহাকাৰৰ ৷ ইয়াৰ পিছৰে পৰাই এনেদৰে নিজৰ ঘৰ-দুৱাৰ ভাঙি, পৰিয়ালক লৈ নতুন ঠিকনাৰ সন্ধানত ঢাপলি মেলিছে পৰিয়ালসমূহে ৷ আনহাতে বান-খহনীয়াত ব্ৰহ্মপুত্ৰৰ বুকুত নিশ্চিহ্ন হ'বলৈ ক্ৰমে আগবঢ়াৰ সময়ত কবু চাপৰিত দশক দশক ধৰি বেদখল কৰি বসবাস কৰা বহু পৰিয়ালে কবু চাপৰিৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত হ'ল ৷ কিন্ত ইয়াৰ পাছতো উপায়বিহীন প্ৰায় অৰ্ধশতাধিক পৰিয়ালে নিশ্চিহ্ন হ'বলৈ আগবঢ়া কবু চাপৰিত বসবাস কৰি আছিল যদিও যোৱা 15 মে’ত জোনাই আঞ্চলিক বন বিভাগৰ লোকে প্ৰথমবাৰৰ বাবে কবু চাপৰিত উপস্থিত হৈ ঘৰে ঘৰে গৈ এসপ্তাহৰ ভিতৰত বেদখল মুক্ত কৰিবলৈ জাননী প্ৰদান কৰিছিল ৷ ইয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল অৰ্ধশতাধিক পৰিয়ালৰ মাজত ৷

উল্লেখ্য যে ধেমাজি জিলাৰ জোনাই মহকুমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত বাস কৰা লোকসকলক জোনাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে জাননীযোগে জনোৱামতে, কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে প্ৰৱেশ কৰি বন ধ্বংস কৰি বনাঞ্চলৰ ভূমি বেদখল কৰা পৰিয়ালৰ বিৰুদ্ধে অসম বন প্ৰাধিকৰণ 1891 (সংশোধিত আইন 1995)ৰ 34(1) ধাৰা ভংগ কৰাৰ অভিযোগ তুলি আইনৰ 72(খ) ধাৰাৰ অধীনত প্ৰেৰণ কৰা হৈছিল এই জাননী ৷ ইফালে চৰকাৰৰ বন বিভাগৰ কাগজে-কলমে 9,400 হেক্টৰ বনভূমি আগুৰি থকা নদীদ্বীপ কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত অবাধ বন ধ্বংস আৰু চিয়াং নদীৰ বান-খহনীয়াত ইতিমধ্যে কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 85 শতাংশ এলেকা নদীৰ বুকুত বিলীন হৈ যোৱাৰ পিচত কোনোমতে বাচি আছে প্ৰায় পোন্ধৰশ হেক্টৰ এলেকা ৷

লগতে পঢ়ক: Flood In Lakhimpur: লখিমপুৰত বানৰ তাণ্ডৱ, শিঙৰা নদীৰ ছিগিল মথাউৰি

Last Updated :Jun 14, 2023, 7:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.