ETV Bharat / state

Desert like environment: অস্বাভাৱিকভাৱে শুকাইছে চিয়াং-লালী নদী

author img

By

Published : Feb 17, 2022, 7:40 PM IST

chiang-river-in-dhemajit-has-dried-up
অস্বাভাৱিকভাৱে শুকাইছে চিয়াং-লালী নদী

ক্ৰমাৎ শুকাই আহিছে চিয়াং-লালী নদী (Drying up of Chiang-Lali river in Dhemaji) ৷ বিগত কিছুদিনৰ পৰা চিয়াঙত পৰিছে বালিৰ পলস ৷ যাৰ ফলত জীৱকুলৰ লগতে চিয়াং-লালী নদীত মংস্য চিকাৰ কৰি আৰু নদীত উটি অহা কাঠ খৰি সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালবোৰৰ কৰ্মবিমূখ হৈ চিন্তিত হৈ পৰিছে ৷

জোনাই , 17 ফেব্ৰুৱাৰী : অস্বাভাৱিভাৱে শুকাই আহিছে চিয়াং- লালী নদী (Drying up of Chiang Lali river in Dhemaji) ৷ যাৰ ফলত সৃষ্টি হৈছে মৰুভুমি সদৃশ পৰিৱেশৰ । জোনাইত ব্ৰহ্মপুত্ৰৰ মূলসুঁতি চিয়াং- লালীৰ বুকুত এতিয়া চলিছে গাড়ী আৰু ট্ৰেক্টৰ ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং- লালী নদীখন ধেমাজি জিলাৰ জোনাই মহকুমাত বিগত কিছুদিনৰ পৰা অস্বাভাৱিক ভাৱে শুকাই চৌদিশে বালিময় হৈ পৰিছে ৷ বিগত কেইদিনত অস্বাভাৱিক হাৰত শুকাই যোৱা চিয়াং- লালী নদীৰে পানীৰ স্তৰ বহু তললৈ নামি যোৱাত নদীৰ পাৰত থকা গছ গছনি, ঘাঁহ বন আদিও শুকাই যাবলৈ ধৰিছে ৷

জোনাই মহকুমাৰ অন্তৰ্গত কবু চাপৰিলৈ যাতায়ত কৰিবলৈ সাধাৰণতে চিয়াং- লালী নদীখন যাত্ৰীবাহী ফেৰীৰে পাৰাপাৰ হবলগীয়া হয় ৷ পিছে এইকেইদিন নদীৰ বুকু বালিময় হৈ পৰাৰ লগতে পানীৰ স্তৰ কমি যোৱাত মানুহে ভাড়া দি ট্ৰেক্টৰেৰে নদীদ্বীপ কবু চাপৰিলৈ যাতায়ত কৰিছে ৷ যিখন চিয়াং-লালী নদীয়ে বাৰিষা কালত বানৰ তাণ্ডৱ চলাই জোনাই মহকুমাত বিভীষিকা সৃষ্টি কৰে ৷ এইখন নদীয়েই বৰ্তমান বালি পলসেৰে ভৰি পৰিছে ৷ এনে পৰিস্থিতিৰ ফলত আনহে নালাগে, নৈপৰীয়া ৰাইজৰ পোহনীয়া জীৱ-জন্তু আৰু চৰাই চিৰিকটিৰ পানী সেৱনৰ ক্ষেত্ৰতো সমস্যাই দেখা দিছে ৷

অস্বাভাৱিকভাৱে শুকাইছে চিয়াং-লালী নদী

তদুপৰি নদীৰ বক্ষত এতিয়া তৰপে তৰপে বালিৰ পলসে ভৰি পৰাত জীৱকুলৰ লগতে চিয়াং-লালী নদীত মংস্য চিকাৰ কৰি আৰু নদীত উটি অহা কাঠ খৰি সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালবোৰৰ কৰ্মবিমূখ হৈ চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য চিয়াং-লালী নদীখন এসময়ত অতি গভীৰ আছিল ৷ কিন্তু নদীৰ মূল উৎস অৰুণাচল প্ৰদেশৰ পাহাৰত মানুহে যধে মধে গছ কটা আৰু মাটি খনন কৰাৰ ফলত পাহাৰত খহনীয়াৰ সৃষ্টি হৈ বালি মাটি নদীয়েদি উটি অহাত নদীৰ ভূ-পৃষ্ঠ ক্ৰমান্বয়ে ওখ হৈ আহিছে ৷ মূলত মানুহৰ ধ্বংসাত্মক কাৰ্যকলাপৰ ফলত চিৰপ্ৰৱাহমান চিয়াং-লালী নদীখন আজি অস্তিত্বৰ সংকটত ৷

জোনাইৰ চিৰ সেউজীয়া পবা বনাঞ্চলৰ কাষতে নৈসৰ্গিক সৌন্দৰ্য্যৰ সৃষ্টি কৰি পৰ্যটকক আকৰ্ষণ কৰা চিয়াং- লালী নৈখনৰ পানী শুকাই মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত অনাগত দিনৰ বাবে অশুভ সংকেতৰ আশংকাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজসকল (Desert like environment) । ইফালে চিয়াং- লালী নৈৰ পানী শুকাই অহাত বন্ধ হৈ পৰিছে জোনাইৰ নদীদ্বীপ কবু চাপৰিলৈ যোগাযোগৰ একমাত্ৰ বিকল্প ব্যৱস্থা ফ্ৰেৰী সেৱাও । ফেৰী সেৱাৰ কথাটো বাদেই, সাধাৰণ ইঞ্জিন চালিত নাওসমূহো নচলা অৱস্থাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে আৰম্ভ হ'ল নাম সলনি কৰাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.