ETV Bharat / state

ধেমাজিত শিশু সংহত উন্নয়ন প্ৰকল্প কাৰ্যালয়ত ব্যাপক অৰাজকতা

author img

By

Published : Aug 28, 2020, 1:45 PM IST

ধেমাজিত শিশু সংহত উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত ব্যাপক অৰাজকতা
ধেমাজিত শিশু সংহত উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত ব্যাপক অৰাজকতা

অংগনবাড়ী কেন্দ্ৰত খাদ্য যোগান ধৰাৰ নামত ধেমাজিৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত বিষয়াৰ মইমতালি। ক্ষুদ্ধ ৰাইজে আৱদ্ধ কৰি ৰাখিলে সামগ্ৰী কঢ়িওৱা ট্ৰাক । অংগনবাড়ী কেন্দ্ৰসমূহত নিম্নমানৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ধেমাজি, ২৮ আগষ্ট : ধেমাজিত শিশু সংহত উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত ব্যাপক অনিয়ম । অংগনবাড়ী কেন্দ্ৰত খাদ্য যোগান ধৰাৰ নামত প্ৰকল্প বিষয়াৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন । ক্ষুদ্ধ ৰাইজে আৱদ্ধ কৰি ৰাখিলে সামগ্ৰী কঢ়িওৱা ৩ খন ট্ৰাক । ধেমাজিৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা । গোটেই দিনটো কাৰ্যালয়ৰ চৌহদত সামগ্ৰী কঢ়িওৱা ৩ খন ট্ৰাক আবদ্ধ কৰি ৰাখিলে ৰাইজে ।

ধেমাজিত শিশু সংহত উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত ব্যাপক অৰাজকতা
ধেমাজিত শিশু সংহত উন্নয়ণ প্ৰকল্প কাৰ্যালয়ত ব্যাপক অৰাজকতা

প্ৰকল্প বিষয়াৰ আশীৰ্বাদপুষ্ট লোকে চালান বিহীনভাৱে বিভিন্ন সামগ্ৰী কাৰ্যালয়ত যোগান ধৰাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে । শিশু সংহত উন্নয়ণ প্ৰকল্পৰ জিলা বিষয়াৰ নিৰ্দেশমৰ্মে চালান নথকা স্বত্বেও ট্ৰাককেইখনে সামগ্ৰী আনিছিল বুলি মন্তব্য কৰিছে এগৰাকী মহিলা কৰ্মচাৰীয়ে । এই সামগ্ৰীসমূহ অঞ্চলটোৰ ৫০৭ টা অংগনবাড়ী কেন্দ্ৰত বিতৰণ কৰা হ'ব ।

লগতে পঢ়ক : কৃষিকৰ্মৰে পৰিচয় দাঙি ধৰা আছু নেতাগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.