ETV Bharat / state

Pathetic road condition: পথৰ জ্বালাই যাতনা ভোগাইছে জোনাইৰ একাংশ লোকক

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:04 PM IST

স্বাধীনতাৰ ৭৭ বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা জোনাইৰ এটা অঞ্চল । আজিকোপতি নিৰ্মাণ নহ'ল এটা সুচল পথ । পথাৰ সদৃশ পথেৰেই আহযাহ কৰিবলগা হৈছে অঞ্চলটোৰ ৰাইজে ।

Dilapidated road condition in Jonai
উন্নয়ণৰ উপহাৰস্বৰূপে পথাৰ সদৃশ পথ

উন্নয়ণৰ উপহাৰস্বৰূপে পথাৰ সদৃশ পথ

জোনাই, ২৭ আগষ্ট: BJP চৰকাৰৰ সবকা সাথ, সবকা বিকাশ শ্ল'গান মাথো শ্ল'গান হৈয়ে ৰ'ব নেকি ? জোনাইৰ বহু গ্ৰামাঞ্চলৰ অনগ্ৰসৰ ৰূপে এই প্ৰশ্ন কৰিবলৈ বাধ্য কৰিছে ৷ উন্নয়নে আজিও ঢুকি নাপালে এই সমূহ অঞ্চলক ৷ দেশ স্বাধীনতা পোৱাৰ ৭৭ বছৰৰ পিছতো জোনাইৰ সীমান্ত অঞ্চলৰ ৰাইজে যাতায়াতৰ নামত বোকা পানী গচকি পাৰ কৰিছে জীৱন ।

অসম-অৰুণাচল সীমান্ত তথা জোনাইৰ ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰায়াং বালিজান, চিংগাপুৰ, সোণাপুৰ, ৰতনপুৰ, ঈশ্বৰ পথাৰ, ৰাবাংগুৰি, ধৰ্মপুৰ, কণ্ঠালগুৰি আদিকে ধৰি প্ৰায় ১০ খনৰো অধিক গাঁৱলৈ যোৱা পথটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ৷ সীমান্তত থকা উল্লিখিত গাঁওসমূহত নাই কোনো পকী পথ কিম্বা পকী দলং ।

ফলত বছৰ বছৰ ধৰি শোচনীয় বোকা পথেৰে যাতায়ত অব্যাহত ৰাখিছে বৃহত্তৰ অঞ্চলটোৰ গঞা ৰাইজে । বাৰিষা কালতো বাদেই খৰালি কালতো সাধাৰণ বৰষুণতে বৃহৎ অঞ্চলটোৰ গাঁৱৰ ৰাইজে বোকা পানী গচকি অব্যাহত ৰাখিছে যাতায়ত ৷ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সৰ্বসাধাৰণ ৰাইজেও যাতায়াতৰ ক্ষেত্ৰত ভুগিছে চৰম যাতনা ৷

ইফালে অঞ্চলতোৰ ৰাইজৰ মাজত বেমাৰ আজাৰ হ'লেও ১০৮ সেৱাতো বাদেই, অটো বা চাইকেলো আহিব নোৱাৰা বিধ্বস্ত পথচোৱা ৰাইজে ৰোগীক সাঙীত তুলি নিব লগা পৰিস্থিতিৰ সৃষ্টি হয় । অৰুণাচল সীমান্তত থকা জোনাইৰ বালিজান বৃহত্তৰ অঞ্চলতোৰ ৰাইজে বহুবাৰ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক‌ সীমান্তৰ উক্ত পথছোৱা নিৰ্মাণৰ বাবে আবেদন‌ নিবেদন কৰি আহিছে যদিও আজিকোপতি কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ ।

সেয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীক অতি শীঘ্ৰে সীমান্তত থকা বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ বাবে পকী পথ আৰু পকী দলং নিৰ্মাণৰ বাবে দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক: Flood in Balipara: বানত বুৰিছে শোণিতপুৰৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.