ETV Bharat / state

ধেমাজিত পথ দুৰ্ঘটনাঃ কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ

author img

By

Published : Nov 5, 2020, 1:30 PM IST

বৃহস্পতিবাৰে পুৱাৰ ভাগত ধেমাজিৰ নলনি পামত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে এগৰাকী স্কুলীয়া ছাত্ৰীৰ ৷

ধেমাজিত পথ দুৰ্ঘটনাঃ কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ
ধেমাজিত পথ দুৰ্ঘটনাঃ কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ

ধেমাজি, 5 নৱেম্বৰঃ ধেমাজি সদৰ আৰক্ষী থানাৰ অধীনৰ নলনি পামত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এটা পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী স্কুলীয়া ছাত্ৰীৰ । জানিবপৰামতে এখন মাৰুতি বাহনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিক হয় ৷

ধেমাজিত পথ দুৰ্ঘটনা
ধেমাজিত পথ দুৰ্ঘটনা

পুৱাৰ ভাগত AS-22G-1196 এখন মাৰুতী চেলেৰিঅ' বাহনৰ সন্মুখৰ এটা চকা এটাৰ ক্ষতিসাধন হোৱাৰ ফলত দুৰ্ঘটনাত পতিত হয় বাহন খন ৷ আনহাতে বিদ্যালয়লৈ গৈ থকা এগৰাকী ছাত্ৰী দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে ৷
লগতে চাওকঃ মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে এক প্ৰয়াস "চেষ্টা"ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.