ETV Bharat / state

ধেমাজিত লেচিয়া নৈৰ দুয়োপাৰে এতিয়া দৃশ্যমান হালধীয়া চাদৰ

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 1:20 PM IST

Dhemaji Farmers setting example through mustard cultivation: ধেমাজিৰ উদ্যমী খেতিয়কে ভাগ্যক ধিয়াই নাথাকি কৰ্ম-সংস্কৃতিৰ মূল মন্ত্ৰ আওৰাই নামি পৰিছে কৃষি কৰ্মত ৷ সৰিয়হৰ হালধীয়া দলিচাৰ মাজেৰে ৰচিছে জীৱনৰ সপোন, আশাৰ সপোন ৷ লেচিয়া নৈৰ দুয়োটা পাৰে এতিয়া দেখা গৈছে কেৱল হালধীয়া আৰু হালধীয়া ।

Dhemaji Mustard cultivation at bank of Lechia river
ধেমাজিত লেচিয়া নৈৰ দুয়োপাৰে হালধীয়া চাদৰ

ধেমাজি, ২০ ডিচেম্বৰ: এতিয়া সৰিয়হ ফুলা বতৰ ৷ ধেমাজি লেচিয়া নৈৰ দুয়োটা পাৰে ৰ'দত মুকুতা হৈ জিলিকিছে সৰিয়হৰ হালধীয়া ফুল ৷ ৰচিছে সপোন ৷ সৰিয়হ ফুল দেখি প্ৰাপ্তিৰ আনন্দত নাচি উঠিছে কৃষকৰ মন-প্ৰাণ ৷ লেচিয়া আৰু গাই নদীৰ সংযোগ স্থলৰ দুই পাৰে এতিয়া শ শ হেক্টৰ ভূমি চালে চকু ৰোৱা হৈ উঠিছে ৷ চকুৱে মনিব পৰালৈকে কেৱল হালধীয়া আৰু হালধীয়া ৷

বানপানীৰ বাবে কৃষকে শালি খেতি কৰিব নোৱাৰে ৷ সেয়ে খৰালি বানে ধুই নিয়া আৰু পলস পেলাই যোৱা শ শ হেক্টৰ কৃষি ভূমিত এনেদৰে বৃহত্তৰ লেচিয়া উপত্যকাৰ প্ৰায় ৩০০ গৰাকী কৃষকে কেৱল সৰিয়হ খেতি কৰিয়ে পৰিয়াল পোহপাল দি আহিছে । অঞ্চলটোৰ ন পাম, আমগুৰি, গোঁসাই গাঁও, কমাৰ গাঁও, দুসুঁতি, বঙালমাৰী, বঙালমাৰী মিছিং, আমগুৰি দেউৰী গাঁও, আমগুৰি ধূনাগুৰি, কাপোৰধোৱা আদি ২০/২৫খন গাঁৱৰ তিনিশৰো অধিক চহা পৰিয়ালৰ বাবে সৰিয়হ খেতিয়ে হৈ পৰিছে জীয়াই থকাৰ মূল সম্বল ৷

ইপিনে বতৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া কৃষক ৰাইজে এইবাৰ সৰিয়হ অধিক উৎপাদন হ'ব বুলি আশা কৰিছে ৷ কাৰণ এইবাৰ অনুকূলে বতৰে সকলোৰে মুখলৈ আনিছে আশাৰ প্ৰাপ্তিৰ হাঁহি ৷ ধেমাজি ন-পাম গাঁৱৰ উদ্যমী সৰিয়হ খেতিয়ক দ্বিজেন দিহিঙীয়া, মুক্তা দিহিঙীয়াকে আদি কৰি বহুজন শিক্ষিত উদ্যমী খেতিয়কে এইবাৰো লেচিয়া নৈৰ পাৰত সৰিয়হ খেতি কৰিছে ৷

কোনো খেতিয়কে যদি ৭০ বিঘা মাটিত কৰিছে কোনোৱে আকৌ ৩৫ বিঘা সৰিয়হ খেতি কৰিছে । সেইদৰে কোনোৱে আকৌ এগৰাকী কৃষকে কৰিছে ২২ বিঘা মাটিলৈকে কৰিছে সৰিয়হ খেতি ৷ ইপিনে প্ৰতিবছৰে অঞ্চলটোত প্ৰচুৰ সৰিয়হ উৎপাদন হৈ আহিছে যদিও আজিকোপতি সৰিয়হ খেতিয়কসকলক চৰকাৰৰ বিয়াগোম ধেমাজি কৃষি বিভাগটোৱে তিলমানো সহযোগ নকৰা বুলি আক্ষেপ কৰে ৷ বৰ্তমান বিভাগটোত পথাৰ গচকি নোপোৱা কৃষি বিষয়া আৰু গ্ৰামসেৱকে ভৰি আছে বুলি মন্তব্য কৰে অভিমানী কৃষকসকলে ৷

লগতে পঢ়ক: অসমসহ উত্তৰ-পূবত 27 ডিচেম্বৰলৈকে বন্ধ থাকিব 26 খনকৈ যাত্রীবাহী ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.