ETV Bharat / state

ধেমাজিত কথমপি প্ৰাণৰক্ষা মহিলাৰ

author img

By

Published : Dec 27, 2019, 11:29 PM IST

ধেমাজিত উন্মুক্ত নৰ্দমাত পৰি কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷ স্থানীয় লোকৰ প্ৰচেষ্টাত উদ্ধাৰ হয় মহিলাগৰাকী ৷ নলনিপাম দৈনিক বজাৰত সংঘটিত হয় অঘটনটো ৷

নলনিপাম দৈনিক বজাৰত সংঘটিত হয় অঘটনটো
ধেমাজিত কথমপি প্ৰাণৰক্ষা মহিলাৰ

ধেমাজি,২৭ ডিচেম্বৰঃ ধেমাজিৰ সমীপৱৰ্তী নলনিপাম দৈনিক বজাৰত সংঘটিত হয় অঘটন ৷ এটি উন্মুক্ত নৰ্দমাত পৰি কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷ শুকুৰবাৰে সন্ধিয়া বজাৰলৈ অহাৰ পথত উন্মুক্ত হৈ থকা নলাটোত পৰি যায় মহিলাগৰাকী ৷ ঘটনাটোত দৈৱক্ৰমে ৰক্ষা পৰে মহিলা গৰাকীৰ লগত অহা শিশুটি ৷ স্থানীয় লোকৰ প্ৰচেষ্টাত দীৰ্ঘসময়ৰ পিছত নৰ্দমাৰ পৰা উদ্ধাৰ হয় মহিলা গৰাকী ৷

ধেমাজিত কথমপি প্ৰাণৰক্ষা মহিলাৰ

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নলাটোৰ ওপৰভাগ ধেমাজি গেছ এজেন্সীৰ গাড়ীয়ে মহতিয়াই নিয়াৰ ফলত বৃহৎ গাঁতৰ সৃষ্টি হয় ৷ উল্লেখিত স্থানত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ সংশ্লিষ্ট বিভাগে বিষয়টোত কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷

লগতে চাওকঃ100 বছৰীয়া অভিলেখ ভংগ কৰিলে দিল্লীৰ শীতে

Intro:ধেমাজি ত নদ’মাত পৰি দৈৱক্ৰমে প্ৰাণ ৰক্ষা মহিলাৰBody: ৷

ধেমাজি , ২৭ ডিচেম্বৰ : ধেমাজি নগৰৰ নলনিপা ম দৈনিক বজাৰ ৰ এটি উন্মুক্ত নৰ্দমাত পৰি কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷শুক্ৰবাৰে সন্ধিয়া বজাৰ কৰিবলৈ আহি আচম্বিতে উ্‌ন্মুক্ত হৈ থকা ডেইনত পৰি যায় ৷ ইপিনে মাকৰ সৈতে নৰ্দমাত পৰি যোৱাৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰে লগত থকা শিশুটি ৷ অৱশেষত স্থানীয়লোকৰ প্ৰচেষ্টাত নদ’মাৰ পৰা ওপৰলৈ তুলি অনা হয় ৷

স্থানীয় ৰাইজৰ মতে নলাটো ওপৰে ধেমাজি গেছ এজেন্সী গাড়ীৰে মহতিয়াই উন্মুক্ত কৰাৰ পিছত সেই স্থানত কেইবাটাও দুঘট’না সংঘটিত হৈছে যদিও আজিকোপতি সংশ্লিষ্ট বিভাগে গুৰুত্ব প্ৰদান কৰা নাই বুলি মন্তব্য কৰে ৷




pradunya Bharali . dhemaji , Assam .27/12/2'019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.