ETV Bharat / state

Dhemaji ASTC Office: ধেমাজিত যাত্ৰীৰ জিৰণি গৃহতে চলিছে পৰিবহন বিভাগৰ কাম-কাজ

author img

By

Published : May 15, 2023, 7:45 PM IST

অসম ৰাজ্যিক পৰিবহন নিগমৰ পয়ঁলগা স্বৰূপ উন্মোচিত হৈছে ধেমাজিত ৷ ৰাজ্যিক পৰিবহন বিভাগটোৰ ধেমাজি সদৰত নাই এটা নিজা কাৰ্যালয় ৷ জিৰণি গৃহতে চলিছে ধেমাজিৰ ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ কাম-কাজ (Dismal form of ASTC office in Dhemaji) ৷

Dismal form of ASTC office in Dhemaji
পৰিবহন নিগমৰ পয়ঁলগা স্বৰূপ

জিৰণি গৃহতে চলিছে পৰিবহন বিভাগৰ কাম-কাজ

ধেমাজি, 15 মে’ : অসম ৰাজ্যিক পৰিবহন নিগমৰ পয়াঁলগা স্বৰূপ উন্মোচিত হৈছে ধেমাজিত ৷ ৰাজ্যিক পৰিবহন বিভাগটোৰ ধেমাজি সদৰত নাই এটা নিজা কাৰ্যালয় ৷ এইক্ষেত্ৰত নিৰুদ্বেগ বিভাগটোৰ বিষয়া-কৰ্মচাৰীও (Dismal form of ASTC office in Dhemaji) ৷

জিৰণি গৃহতে চলিছে ধেমাজিৰ ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ কাম-কাজ ৷ জিৰণি গৃহেত কাম কৰিয়ে অৱসৰো লৈছে বহু বিষয়া-কৰ্মচাৰীয়ে ৷ ধেমাজি সদৰত নাই অসম ৰাজ্যিক পৰিবহন নিগমৰ এটা স্থায়ী কাৰ্যালয় ৷ যাত্ৰীৰ জিৰণি ঘৰটোকে কাৰ্যালয় হিচাবে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছে বিভাগটোৱে ৷ যাত্ৰীয়ে বহা জিৰণি ঘৰটোতে কোনোমতে চলাই নিছে কাৰ্যালয়ৰ কাম-কাজ (ASTC office in Dhemaji) ৷

এই জিৰণি ঘৰতে আছে বিভাগটোৰ চৰকাৰী গুৰুত্বপূৰ্ণ নথি ৰখা আলমিৰা, অধীক্ষকৰ কোঠা , কম্পিউটাৰ টেবুল , তৃতীয় বৰ্গৰ দুখনকৈ টেবুল-চকী আৰু টিকট কাউন্টাৰ । গৃহটোৰ মুকলি অংশত আছে মাত্ৰ এখন বেঞ্চ ৷ ফলত যাত্ৰীসকলে নিজৰ বয়-বস্তসহ জিৰণি লোৱা দূৰৰে কথা, ক্ষন্তেক বহিবলৈও ঠাইৰ অভাৱ ৷ আস্থানৰ চৌহদৰ দোকানৰ বাহিৰতে গাড়ীৰ বাবে অপেক্ষা কৰিবলগীয়া হয় যাত্ৰীয়ে (Dhemaji ASTC Office) ৷

উল্লেখ্য যে, যাত্ৰীৰ সুবিধাৰ্থে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনতে ২০০৯ চনত নিৰ্মাণ কৰা হৈছিল এই জিৰণি ঘৰটো ৷ মন কৰিবলগীয়া যে বিভাগটোৰ স্থায়ী কাৰ্যালয়ৰ বাবে কেইবাবছৰমান পূৰ্বে এটা গৃহ নিৰ্মাণ কৰা হৈছিল যদিও অজ্ঞাত কাৰণত ভৱনটো আজিকোপতি নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল ৷

তদুপৰি বাৰিষা এজাক বৰষুণ দিলেই আস্থানৰ চৌহদত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ কিয়নো বাছ ৰখোৱা চৌহদটো দ আৰু পকী নোহোৱাৰ বাবে পানী আৰু বোকা জমা হয় ফলত আন এক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যাত্ৰীসকলে ৷ এইক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাই কয় যে যাত্ৰীসকলৰ বাবে সংৰক্ষিত জিৰণি গৃহটো যাত্ৰীৰ বাবে মুক্ত কৰি নিজাববীয়াকৈ এটা স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰিব লাগে বিভাগে ৷ এনে পৰিৱেশত চোৰ-ডকাইতে যাত্ৰীৰ জিৰণি চ’ৰাত প্ৰৱেশ কৰি কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰবোৰ নষ্ট কৰিব পাৰে বা লুটপাত কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে নেতা জনে ৷

লগতে পঢ়ক: ASTC Moran: ন-ৰূপত সজোৱা হ'ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানঃ প্ৰণৱ জ্যোতি লহকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.